ETV Bharat / state

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ - ক'ভিড-19 ৰ প্ৰভাৱ

বিগত চাৰি-পাঁচদিন ধৰি যাত্রীৰ সংখ্যক ৪০ শতাংশতলৈ হ্ৰাস পাইছে । ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূৰ্বে বৰঝাৰৰ বিমান বন্দৰলৈ গড় হিচাপত ১৫০ খন বিমানেৰে প্ৰায় ১৬ হাজাৰ যাত্ৰীয়ে অহা-যোৱা কৰিছিল ।

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ
বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ
author img

By

Published : Apr 21, 2021, 2:33 PM IST

গুৱাহাটী, 21 এপ্ৰিলঃ ক'ভিডকেন্দ্ৰীক পৰিস্থিতিৰ বাবে দেশৰ আন আন বিমান বন্দৰৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমানবন্দৰতো শেহতীয়াকৈ বিমান যাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে । উল্লেখ যে অসমত শেহতীয়াকৈ বাহিৰৰ পৰা অহা যাত্রীসকলৰ যোগেদি ক'ভিডৰ ব্যাপক সংক্ৰমণ হৈছে ।

যাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰৰ বিমান বন্দৰত ক'ভিড সংক্ৰমণ যাতে হ'ব নোৱাৰে তাৰ বাবে অধিক কঠোৰ হৈছে স্বাস্থ্য বিভাগ আৰু আৰক্ষী-প্ৰশাসন । বিগত ২৪ ঘণ্টাত বৰঝাৰৰ বিমান বন্দৰত বহিঃৰাজ্যৰ পৰা অহা ৪১গৰাকী যাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ
বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ

দেশৰ অন্য বিমান বন্দৰ সমূহৰ পৰা গুৱাহাটীলৈ আহিলে যি দৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক ঠিক সেইদৰে গুৱাহাটীৰ পৰা শিলচৰ, ইম্ফল, বেংগালুৰু, জয়পুৰ, আগৰতলা, ভূৱনেশ্বৰ আদি বিমান বন্দৰলৈ গ'লেও ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক।

উল্লেখ যে কিছুদিন আগলৈকে দৈনিক গড় হিচাপত সাত সহস্ৰাধিক লোক বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সম সংখ্যক লোক দেশৰ বিভিন্ন ৰাজ্যলৈ গৈছিল । কিন্তু বিগত চাৰি-পাঁচদিন ধৰি যাত্রীৰ সংখ্যক ৪০ শতাংশতলৈ হ্ৰাস পাইছে। সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৬ খন বিমানত যাত্রীৰ সংখ্যা আছিল ৪,৬৪২ গৰাকী ।

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ
বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ

তেনেদৰে ৪৬ খন বিমানত গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যায় ৫,৪৭০ গৰাকী যাত্ৰী । ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূৰ্বে বৰঝাৰৰ বিমান বন্দৰলৈ গড় হিচাপত ১৫০ খন বিমানেৰে প্ৰায় ১৬ হাজাৰ যাত্ৰীয়ে অহা-যোৱা কৰিছিল। তাৰ পাছত দুমাহৰ অন্তত ২৫ মে'ত বিমান সেৱা আৰম্ভ হোৱাৰ পাছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল ।

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ
বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ

কিন্ত ১৬ এপ্ৰিলৰ পাছত ক'ভিডকেন্দ্ৰিক পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত আৰু সোমবাৰে নিশাৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত এক সপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাত বিমান সেৱাত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.