ETV Bharat / state

আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ - Guwahati Airport

৩১ আগষ্টৰ ভিতৰত আবাস আৰু কাৰ্যালয় খালী কৰিবলৈ দিয়া নিৰ্দেশক লৈ বিমান বন্দৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়া । বিমান বন্দৰ চৌহদত বৰ্তমান প্ৰাধিকৰণৰ ২২১ টা , কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ ৮৯ টা আৰু বতৰ বিজ্ঞান বিভাগৰ ৭৪ টা আবাস আছে । তেনেদৰে কেইবাটাও সৰু বৰ কাৰ্যালয় আছে।

airport handover process
আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Aug 4, 2021, 1:25 PM IST

গুৱাহাটী, ৪ আগষ্ট : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে (Lokpriya Gopinath Bordoloi International Airport) ধৰি দেশৰ ছয়টা লাভজনক বিমানবন্দৰ আদানী গ্ৰুপলৈ (Adani Group) হস্তান্তৰৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক'ভিড কেন্দ্ৰিক (Covid) পৰিস্থিতিৰ বাবে প্ৰায় ৮-৯ মাহ ধৰি হস্তান্তৰ প্ৰক্ৰিয়া স্থবিৰ হৈ আছিল ৷

শেহতীয়াভাৱে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (Airports Authority of India) বৰঝাৰৰ বিমানবন্দৰক আদানী গ্রুপলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছে । ইফালে আদানী গ্রুপক বিমানবন্দৰ হস্তান্তৰ কৰাৰ নামত ২৭ জুলাইত বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে জাৰি কৰিছিল এক নিৰ্দেশনা । জাৰি কৰা সেই নিৰ্দেশনা পোহৰলৈ অহাৰ পাছত বিমানবন্দৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

airport handover process
আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

এই নিৰ্দেশনাযোগে ৩১ আগষ্টৰ ভিতৰত বিমানবন্দৰ চৌহদত থকা বিষয়া-কৰ্মচাৰীৰ সকলো আবাস আৰু কাৰ্যালয় খালী কৰিবলৈ কোৱা হৈছে । কিন্তু ক'ভিডৰ ভয়াৱহতা মাৰ নাযাওঁতেই মাত্ৰ এমাহৰ ভিতৰতে কোনোপধ্যেই আবাস খালি কৰাটো সম্ভৱ নহয় বুলি কৰ্মচাৰীসকলে কৰ্তৃপক্ষক জনাই দিছে ।

এই সন্দৰ্ভত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ সংগঠন 'বিমানবন্দৰ প্ৰাধিকৰণ কৰ্মচাৰী সংস্থা' (Airport Authority Employees Union) চমুকৈ এ.এ.ই.ইউ সৰৱ হৈ উঠিছে ৷ সংগঠনটোৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সভাপতি সুশীললাল চৌধুৰী আৰু সম্পাদক পৱিত্ৰ দাস, গুৱাহাটী শাখাৰ সভাপতি অৰ্জুন বাচফৰ আৰু সম্পাদক ৰাজু কুমাৰ দাসে এই সন্দৰ্ভত এক বিবৃতিও জাৰি কৰিছে ৷

এই বিবৃতিখনত তেওঁলোকে উল্লেখ কৰিছে যে, বৰ্তমান ক'ভিড-১৯ ৰ ভয়াৱহতাৰ বৃদ্ধি পোৱাৰ বাবে বেছিভাগ বিষয়া-কৰ্মচাৰীয়ে আবাসত পৰিয়াল সহিতে থাকিবলগীয়া হৈছে । চৌহদত বৰ্তমান প্ৰাধিকৰণৰ ২২১ টা , কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ ৮৯ টা আৰু বতৰ বিজ্ঞান বিভাগৰ ৭৪ টা আবাস আছে । তেনেদৰে কেইবাটাও সৰু বৰ কাৰ্যালয়ো আছে বিমানবন্দৰ চৌহদত ।

পূৰ্বতেও ২০২০ বর্ষৰ শেষৰফালে কৰ্তৃপক্ষই আবাস খালী কৰাৰ জাননী জাৰি কৰিছিল । কিন্তু এ.এ.ই.ইউৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত খালী কৰাৰ নির্দেশ সাময়িকভাৱে স্থগিত ৰখা হৈছিল । কিন্তু ক'ভিডৰ ভয়াৱহতা চলি থকা স্বত্বেও পুনৰ খালী কৰাৰ জাননী জাৰি কৰাত বিষয়া-কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক :আজিৰে পৰা পুনৰ আৰম্ভ হ’ল বাজেট অধিৱেশন: লাভলীনাৰ খেলৰ সাক্ষী হ'ব সদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.