ETV Bharat / state

Guwahati Air Quality Index very poor: সাৱধান মহানগৰবাসী ! প্ৰয়োজন নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ

author img

By

Published : Feb 8, 2023, 9:11 PM IST

বিপদসীমা অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীৰ এয়াৰ কোৱালিটী ইনডেক্সে । দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ । বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক 'অতি বেয়া'(Guwahati Air Quality Index) । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য ।

Guwahati Air Quality Index very poor
গুৱাহাটী মহানগৰীৰ এয়াৰ কোৱালিটী ইনডেক্স
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী : ধূলিৰ আৱৰণে পুতি পেলাইছে গুৱাহাটী মহানগৰী । দিনতেই অন্ধকাৰাচ্ছন্ন পৰিৱেশ উত্তৰ পূৱৰ দুৱাৰমুখ চহৰ ৷ স্থবিৰ হৈ পৰিছে মহাগৰীৰ জনজীৱন ৷ এজাক বৰষুণৰ বাবে হাহাকাৰ মহানাগৰিকৰ ৷ অপেক্ষা- কেতিয়া বৰষুণ আহিব ? বুধবাৰৰ বিয়লি ধূলিৰ বতাহে আৰু জটিল কৰি তুলিছে মহানগৰীৰ পৰিৱেশ(Guwahati Air Quality Index very poor) ৷ সেয়ে, এতিয়া সকলোৱে অন্তৰেৰে কামনা কৰিছে শীঘ্ৰেই এজাক বৰষুণৰ ৷ কিন্তু সোনকালে বৰষুণ আহিবনে মহানগৰীৰ বুকুলৈ ? কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই ?

বুধবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সোনকালে গুৱাহাটীৰ এই বিপদজনক পৰিৱেশ শেষ হোৱাৰ আশা নাই ৷ কমেও পাঁচ দিনলৈ গুৱাহাটীৰ ধূলিয়ৰি প্ৰদূষণৰ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে জনোৱা মতে, এই বছৰ 'ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্স’ আন বছৰতকৈ বহুত কম ৷ সেয়ে, এইবাৰ অসমত শীত কালচোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বহুত কম ৷ যোৱা বছৰ শীতকালত বৰষুণৰ পৰিমাণ প্ৰায় স্বাভাৱিক আছিল ৷ এইবাৰ বহুত কম বৰষুণৰ পৰিমাণ ৷ ইয়াৰ কাৰণ ঠাণ্ডা বতৰত পূৱ দিশৰ পৰি অহা বতাহ বহু দুৰ্বল এইবছৰ ৷ সেয়ে যোৱা বছৰতকৈ শীতৰ পৰিমাণো কম এইবাৰ ৷

লগতে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ মন্তব্য- সোনকালে গুৱাহাটীৰ ধূলিময় পৰিৱেশ কম হোৱাৰ সম্ভাৱনা নাই ৷ গোটেই গুৱাহাটীত নিৰ্মাণ কাৰ্য চলি আছে ৷ দ্ৰুত গতিত গাড়ী বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ উজনি অসমত দুই-এঠাইত পাতলীয়া বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে ৷ কিয়নো চুবুৰীয়া ৰাজ্য অৰুণাচলত বৰষুণ দি আছে ৷ সেয়ে, উজনি অসমত বৰষুণৰ লগতে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে ৷ অৰুণাচলত আগন্তুক ৪/৫ দিন বৰষুণৰ সম্ভাৱনা আছে(Guwahati Weather Forecast for today) ৷

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটীৰ এয়াৰ কোৱালিটী ইনডেক্সত ৩৩৯ সীমা পাইছে(Guwahati Air Quality Index) । গুৱাহাটী মহানগৰীত বিগত দুমাহৰ পৰা বায়ু প্ৰদূষণ বৃদ্ধি পাইছে যদিও চলিত মাহত অধিক বৃদ্ধি পাইছে । এক ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ এয়াৰ কোৱালিটী ইনডেক্স বেয়া আছিল যদিও ৫-৬ ফেব্ৰুৱাৰীত অতি বেয়া হৈছে মহানগৰীৰ এয়াৰ কোৱালিটী ইনডেক্স । যাৰ ফলত প্ৰদূষণৰ বাবে নানা ৰোগত আক্ৰান্ত মহানগৰীৰ নাগৰিক । শিশুৰ পৰা বৃদ্ধলৈ হাওঁফাওঁ জনিত ৰোগ, ছালৰ ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ।

দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ । বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক 'অতি বেয়া' অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ'লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব । বিশেষকৈ মহানগৰীত জধে-মধে চলি থকা নিৰ্মাণকাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।

গুৱাহাটীৰ জু-ৰোড, মালিগাঁও, জালুকবাৰী-খানাপাৰা ঘাইপথত আদিত দীৰ্ঘদিন ধৰি চলি অহা উৰণীয়া সেতুৰ লগতে বিভিন্ন স্থানত নলা নৰ্দমাৰ নিৰ্মাণকাৰ্যৰ পৰা সৃষ্টি হোৱা ধূলিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে । তদুপৰি পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি তথা অত্যাধিক হাৰত চলাচল কৰা যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে কল-কাৰখানাৰ ধোঁৱাই আকাশ কলুষিত কৰি আহিছে মহানগৰীৰ বায়ুমণ্ডল । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আহ্বান মহানগৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰক কৰ্তৃপক্ষই ৷ বুধবাৰৰ ধূলিৰ বতাহে আৰু অধিক বিষময় কৰি তুলিলে গুৱাহাটীৰ বায়ুমণ্ডল ৷

লগতে পঢ়ক: Minority voters in Assam: অসমৰ বহু সমষ্টিত অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.