ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ - অৰবিন্দ কেজৰিৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক তুলা-ধুনা আম আদমি পাৰ্টীৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি দলটোৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে সমালোচনা কৰে ৰাজ্য চৰকাৰক ৷

guwahati-aap-press-meet
হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ
author img

By

Published : Nov 2, 2020, 3:52 PM IST

Updated : Nov 2, 2020, 5:48 PM IST

গুৱাহাটী, 2 নৱেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব বিশ্ব শৰ্মাক তুলা-ধুনা আম আদমি পাৰ্টীৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি দলটোৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে কয় যে, " অসমত বিজেপিয়ে এতিয়া যি মোগলৰ আক্ৰমণ, আজমল সভ্যতা আৰু মিঞা মিউজিয়ামৰ দৰে অনৰ্থক বিষয় কিছুমান লৈ ৰাজনীতি আৰম্ভ কৰিছে, সেইবোৰ পৰিহাৰ কৰি তেওঁলোকে ৰাইজক কওক যে যোৱা পাঁচ বছৰত যদি তেওঁলোকে কাম কৰিছে তেন্তে তেওঁলোকক ভোট দিয়ক অন্যথা ভোট নিদিব ৷ অসমত কৰ‘ণাৰ সময়ত অৰ্থনীতি ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰে ৰাজ্যখনৰ অৰ্থনীতি সঠিক ৰূপত আগবঢ়াই লৈ গৈ আছে ৷ লকডাউনৰ পাছত দিল্লী চৰকাৰে 11 লাখ নিৱনুৱাক সংস্থাপন দিলে ৷ কিন্তু অসমলৈ ঘুৰি অহা যুৱক যুৱতীৰ বাবে একোৱেই নকৰিলে ৰাজ্য চৰকাৰে ৷ লগতে দিল্লীৰ স্বাস্থ্য, শিক্ষা, দূৰ্নীতি ৰোধত দিল্লীৰ লগত অসমক তুলনা কৰি ৰাজহুৱা কৰিবলৈ হিমন্তক প্ৰত্যাহবান জনায় দলটোৱে ৷ "

লগতে পঢ়ক: নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

Last Updated : Nov 2, 2020, 5:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.