গুৱাহাটী,১৪ জুনঃ চলিত মাহৰ ৮ জুনত গুৱাহাটী হাতীগাঁও আৰক্ষীয়ে চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল গগন ৰাজবংশী নামৰ এজন আচামীক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত কৰা স্বাৱ টেষ্টৰ পাছত তেওঁৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ফলত চুৰটোৰ সংস্পৰ্শলৈ অহা ১২ জনকৈ আৰক্ষীক এতিয়া কোৱাৰেন্টাইন কৰিছে স্বাস্থ্য বিভাগে। ইপিনে সমগ্ৰ বিষয়টোক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী বিভাগ ।
লগতে পঢকঃ ইৰাকত মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ