গুৱাহাটী, 15 মে’ : বিগত কেইবাদিনৰ পৰা মহানগৰীত ধাৰাষাৰ বৰষুণ (Heavy rain in Guwahati) ৷ নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ (Artificial flood in Guwahati) ৷ কেৱল কৃত্ৰিম বানেই নহয় এইবাৰ মহানগৰীৰ চান্দমাৰী কৃষ্ণনগৰত খহি পৰিল গাৰ্ডৱাল ।
অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ চৌহদৰ গাৰ্ডৱাল খহাৰ লগতে বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ (Guard wall collapses at Krishnanagar) । যাৰ ফলত বন্ধ হৈ পৰে কৃষ্ণনগৰ মিলনপুৰ লিংক ৰোড । অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এই ঘটনা হোৱাৰ অভিযোগ তৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে ।
বাৰম্বাৰ এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে । স্থানীয় বাসিন্দা গৌতম কলিতাই জনোৱা মতে, মহানগৰীত হৈ থকা বৰষুণজাকৰ ফলত শনিবাৰে নিশা প্ৰায় 9 বজাত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ চৌহদত থকা গাৰ্ডৱালখন খহি পৰে ৷ ফলত পথটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ।
পৰৱৰ্তী সময়ত অৰ্থাৎ দেওবাৰে পুৱা স্থানীয় ৰাইজৰ সহযোগত পথটো মুকলি কৰি দিয়া হয় । লগতে তেওঁ কয় যে, হোষ্টেলখনৰ ভিতৰত আৰু 4-5 জোপা গছ বিপদজনক ভাৱে আছে । এই গছ কেইজোপা নাকাটিলে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হ’ব । শনিবাৰে নিশা এই ঘটনা সংঘটিত হোৱাৰ বাবে কোনো লোক সৌভাগ্য ক্ৰমে হতাহত নহ’ল ।
যদিহে এই ঘটনা দিনৰ ভাগত সংঘটিত হ’লে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই প্ৰকট । কিয়নো এই পথচোৱা অতি ব্যস্তপথ ।
লগতে পঢ়ক : তিনি বছৰৰ ভিতৰত সমাধান হ’ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা: অশোক সিংঘাল