ETV Bharat / state

"আকৌ শৰাইঘাটলৈ" যাব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ

author img

By

Published : Dec 7, 2019, 9:18 PM IST

Updated : Dec 7, 2019, 10:34 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰণডংকা গুৱাহাটী বিশ্ববিদ্যালয়ত ৷ জাতি ৰক্ষাৰ বাবে অন্তিম যুঁজলৈ অসমবাসীক সাজু হোৱাৰ আহ্বান বিশ্ববিদ্যালয় পৰিয়ালৰ ৷

gu students community announce akou saraighat program against cab
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজৰ ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয়ত

নিউজ ডেক্স , 7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত চৰকাৰে বাধ্যবাধকতা আৰোপ কৰি চাৰ্কুলাৰ জাৰি কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে অসমপ্ৰেমী ছাত্ৰ সমাজ ৷ দুগুণ উদ্যমেৰে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকল ৷ শুকুৰবাৰে শিক্ষামন্ত্ৰীয়ে চাৰ্কুলাৰ জাৰি কৰাৰ পাছতে শনিবাৰে শিক্ষানুষ্ঠান সমূহত দেখা গ'ল ওলোটা পৰিস্থিতি ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত বহু শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হ'ল মন্ত্ৰী বিধায়কৰ প্ৰৱেশ ৷

অনুৰূপ ভাৱে, জাতি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৷ 9 ডিচেম্বৰ তাৰিখে "আকৌ শৰাইঘাটলৈ" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ 9 ডিচেম্বৰৰ বিয়লি 2 বজাত বিশ্ববিদ্যালয়ৰ জালুকবাৰীস্থিত মূল প্ৰবেশদ্বাৰৰ সমুখত অনুষ্ঠিত হ'ব প্ৰতিবাদী কাৰ্যসূচীটো ৷ জাতি ৰক্ষাৰ শেষ যুঁজত সকলো অসমপ্ৰেমীক অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৷

লগতে পঢ়কঃ বিজেপিৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

Intro:Body:

AGAIN SARAIGHAT

Conclusion:
Last Updated : Dec 7, 2019, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.