ETV Bharat / state

বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীৰ চৰকাৰ হ’ব : নৱ শৰণীয়া - uppl

নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিএডিত বহু হিংসাত্মক কাৰ্য সংঘটিত হৈছে ৷ বাক্সাত সশস্ত্ৰ বাহিনী ঘূৰি থকা পৰিলক্ষিত হৈছে ৷ এইবোৰ কৰি আমাক কৰ্মীসকলক ভয় খুওৱা হৈছে ৷ ১২ তাৰিখৰ ফলাফলত এটা পৰিৱৰ্তন আনিব ৷ দেওবাৰে নিৰ্বাচনত ২১ টা সমষ্টিৰ ভিতৰত ১৮ জন প্ৰাৰ্থী আছে ৷ এই ১৮ খনতেই জয়ী হ’ব গণ সুৰক্ষা পাৰ্টী ৷ আমাৰ কেলকুলেচন আৰু কেমেষ্ট্ৰি সকলো ঠিক আছে ৷ বিজেপিয়ে কৈছে তেওঁলোকে বিটিআৰ চুক্তি সম্পূৰ্ণ কৰিব ৷ হাগ্ৰামাই ১৭ বছৰ ধৰি কংগ্ৰেছ আৰু বিজেপিৰ লগ লাগি লুটি পুটি খালে ৷ সংবাদমেল যোগে এই মন্তব্য সাংসদ নৱ শৰণীয়াৰ ৷

btc election
btc election
author img

By

Published : Dec 5, 2020, 8:45 PM IST

গুৱাহাটী, 5 ডিচেম্বৰ : শেহতীয়াকৈ বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাকলৈ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰিলে সাংসদ নৱ শৰণীয়াই ৷ শৰণীয়াৰ অভিযোগ, “অস্ত্ৰ শস্ত্ৰ দেখুৱাই আমাৰ কৰ্মীক ভয় খুৱাইছে ৷ কিন্তু বিটিচিত এইবাৰ আমিয়েই চৰকাৰ কৰিম ” ৷ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভতো মন্তব্য নৱ শৰণীয়াই কয় যে, শেহতীয়াভাবে নিৰ্বাচনী ক্ষেত্ৰত বহুলোকে প্ৰচাৰ চলাইছে ৷ কৰ’নাৰ প্ৰতি আওকাণ কৰি সকলো প্ৰচাৰত নামি পৰিছে ৷ তাৰ বাবে যদি কিবা অঘটন হয় তাৰ বাবে চৰকাৰ দায়ী হ’ব ৷

বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীৰ চৰকাৰ হ’ব : নৱ শৰণীয়া

‘‘বিটিআৰত কেৱল বড়োসকলৰ চাকৰিৰ কথা কোৱা হৈছে ৷ তাত অজনজাতীয় লোকৰ চাকৰিৰ অধিকাৰ খৰ্ব কৰা হ’ল ৷ মই আমাৰ মহিলাসকল অনুৰোধ কৰিছো ভোটৰ দিনা তেওঁলোকে চুলি মেলি থাকক ৷ সেইটোৱেই প্ৰতিবাদ হওক ৷ ইউ পি পি এল, বিজেপি, বিপিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ আজমলক কংগ্ৰেছে ব্যৱহাৰ কৰিছে ৷ তাত কংগ্ৰেছে এখনো আসন নাপায় ৷ হাগ্ৰামাই হিমন্তৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে, নিৰ্বাচনৰ পাছত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম ৷ যিয়েই দোষী হ’ব তেওঁয়েই জেললৈ যাব লাগিব’’ ৷ সাংবাদিকৰ আগত এই মন্তব্য কৰে নৱ শৰণীয়াই ৷

গণ সুৰক্ষা পাৰ্টীয়ে বিটিচিত চৰকাৰ কৰিলে সকলোৰে ভূমি পট্টা আইনী ভাবে ব্যৱস্থা কৰা হ’ব ৷ বিটিআৰৰ এহাজাৰ গাঁও অন্তৰ্ভুক্ত কৰাৰ বিজেপিৰ যি ষড়যন্ত্ৰ তাৰ বিৰোধিতা কৰা হ’ব ৷ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাবে পুনৰ ব্যৱহাৰ কৰা হ’ব ৷ অৰুনোদয় আঁচনিৰ নাম সলায় সূৰ্যোদয় নাম দিয়া হ’ব ৷ ৫০ হাজাৰ টকাৰ ঠাইত এক লাখকৈ টকা প্ৰদান কৰা হ’ব ৷ মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ ভিচিডিচিত ৩০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব বুলি বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে শৰণীয়াই ৷

উল্লেখযোগ্য যে ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ শনিবাৰে বিয়লি চাৰি বজাত অন্ত পৰিল বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ নিৰ্বাচনী প্ৰচাৰৰ পাছত এতিয়া সকলো ৰাজনৈতিক দলৰ নেতা ব্যস্ত শেষ নিশাৰ খেলত ৷ তাৰ মাজতে আৰম্ভ হৈছে বোকা ছটিওৱাৰ খেল ৷ আৰম্ভ হৈছে ৰাজনৈতিক হিংসা ৷

লগতে পঢ়ক : শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে ভাৰতীয় কৃষকৰঃ এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.