ETV Bharat / state

ফ্ল’ৰাইড আৰু আৰ্ছেনিকযুক্ত পানীয়ে জনজীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি

author img

By

Published : Aug 30, 2022, 2:24 PM IST

Updated : Aug 30, 2022, 3:58 PM IST

ৰাজ্যৰ ১৭ খন জিলাৰ ভূগর্ভস্থ পানীত পোৱা গৈছে মাৰাত্মক ফ্ল'ৰাইডৰ মাত্রাধিক উপস্থিতি (groundwater containing fluoride and arsenic is threatening public life)। ২০ খন জিলাৰ পানীত পোৱা গৈছে মাত্ৰাধিক আৰ্চেনিক। ৰাজ্যখনত এতিয়ালৈ ১,৯৩,০২১ টা পানীৰ উৎসত মাত্ৰাধিক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি আৰু ৫,১৫৪ টা পানীৰ উৎসত ভয়াৱহ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে। আৰ্ছেনিকৰ কু-প্ৰভাৱত এতিয়া ৬,৮৮১ টা জনবসতি এলেকা আক্ৰান্ত৷ ২০১৭ চনতে খোৱাপানী-অনাময় মন্ত্ৰালয়ে আৰম্ভ কৰা অভিযান ব্যর্থ হৈছে অসমত৷ জলজীৱন মিছনৰ ক্ষেত্ৰত বহু পিছ পৰি আছে অসম ৷

groundwater containing fluoride and arsenic is threatening public life
ফ্ল'ৰাইড আৰু আৰ্ছেনিকযুক্ত পানীয়ে জনজীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি

গুৱাহাটী,৩০ আগষ্ট: পানীয়েই জীৱন যদিও পানীৰ বাবেই মানুহৰ জীৱনলৈ ভয়াৱহ সংকট আহিব পাৰে। তেনে সংকটেই দেখা দিছে ৰাজ্যৰ ভূ-গৰ্ভৰ পানীত। ৰাজ্যৰ ১৭ খন জিলাৰ ভূগর্ভস্থ পানীত পোৱা গৈছে মাৰাত্মক ফ্ল'ৰাইডৰ মাত্রাধিক উপস্থিতি (groundwater containing fluoride and arsenic is threatening public life)। ২০ খন জিলাৰ পানীত পোৱা গৈছে মাত্ৰাধিক আৰ্চেনিক।

ৰাজ্যখনত এতিয়ালৈ ১,৯৩,০২১ টা পানীৰ উৎসত মাত্ৰাধিক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি আৰু ৫,১৫৪ টা পানীৰ উৎসত ভয়াৱহ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে। আৰ্ছেনিকৰ কু-প্ৰভাৱত এতিয়া ৬,৮৮১ টা জনবসতি এলেকা আক্ৰান্ত৷ ২০১৭ চনতে খোৱাপানী-অনাময় মন্ত্ৰালয়ে আৰম্ভ কৰা অভিযান ব্যর্থ হৈছে অসমত৷ জলজীৱন মিছনৰ ক্ষেত্ৰত বহু পিছ পৰি আছে অসম ৷

উল্লেখ্য যে ৰাজ্যজুৰি কেন্দ্ৰীয় চৰকাৰৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ অভিলাষী জল জীৱন মিছনৰ কাম চলি আছে। ইয়াৰ অধীনত নিৰূপণ কৰি থকা হৈছে পানীৰ গুণাগুণ। সেই গুণাগুণৰ পৰীক্ষাত কেতবোৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ ভূ-গর্ভস্থ খোৱাপানীৰ গুণাগুণৰ পৰীক্ষাৰ বাবে য’তেই নমুনা সংগ্ৰহ কৰা হৈছে তাতেই মাত্ৰাধিক ৰাসায়নিক পদাৰ্থৰ উমান পোৱা গৈছে। তদুপৰি ৰাজ্যৰ ঠায়ে ঠায়ে খোৱাপানীৰ গুণাগুণ পৰীক্ষাত উন্মোচিত হৈছে মাত্রাধিক ভয়াৱহ বেক্টেৰিয়াৰো উপস্থিতি।

উল্লেখ্য যে ৰাজ্যৰ জিলাই জিলাই থকা ৰাজহুৱা, ব্যক্তিগত, আঁচনি বা ধৰাতলৰ পানীৰ উৎসৰ পৰা নমুনা পৰীক্ষাত এনে বিপজ্জনক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে। ইফালে চলিত বৰ্ষত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰোতে উন্মোচন হৈছে আন এক ভয়ংকৰ তথ্য। শেহতীয়াকৈ ভূগর্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইডৰ উপস্থিতি থকা জিলাৰ সংখ্যা ১৭ খনলৈ বৃদ্ধি পাইছে।

উদ্বেগৰ বিষয় যে পূৰ্বে ৰাজ্যৰ মাত্ৰ ৬ খন জিলাৰ ভূগর্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰিছিল। কিন্তু শেহতীয়াকৈ পানীৰ গুণাগুণৰ বাবে নমুনা সংগ্ৰহৰ পৰিসংখ্যা বাঢ়ি যোৱাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি ৰাজ্যখনত এতিয়ালৈ ১,৯৩,০২১ টা পানীৰ উৎসত মাত্ৰাধিক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি আৰু ৫,১৫৪ টা পানীৰউৎসত ভয়াৱহ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে ৷

লক্ষণীয় বিষয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত কাৰ্বি আংলং জিলাৰ ভূগর্ভস্থ পানীত মাত্রাধিক ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছিল। সেই সময়ত একাংশ লোক ফ্ল’ৰ'ছিছ ৰোগত আক্ৰান্ত হৈছিল৷ ইয়াৰ পিছতে ইউনিচেফ আৰু ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে যুটীয়াভাৱে চলোৱা অধ্যয়নত কাৰ্বি আংলং আৰু কাষৰীয়া নগাঁও জিলাৰ ভূগর্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰিছিল।

ইয়াৰ পিছলৈ অধ্যয়নৰ বিস্তৃতি আৰু পানীৰ গুণাগুণ পৰীক্ষাৰ পৰিসংখ্যা বৃদ্ধি কৰাৰ পিচত পোহৰলৈ অহা তথ্য অনুসৰি ৰাজ্যখনৰ কাৰ্বি আংলং, নগাঁও জিলাৰ উপৰি গোৱালপাৰা, কামৰূপ, গোলাঘাট আৰু কৰিমগঞ্জতো মাৰাত্মক ফ্ল'ৰাইডৰ মাত্ৰাধিক্য উপস্থিতি ধৰা পৰিছে।

দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে আৰম্ভ কৰা জলজীৱন মিছন কাৰ্যসূচীৰ পিছতে দেশজুৰি পানীৰ বিভিন্ন উৎসৰ পৰা নমুনা সংগ্ৰহ কৰি পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ ফলত শেহতীয়াকৈ পোহৰলৈ আহিছে যে ৰাজ্যখনৰ ১৭ খন জিলাৰ ভূগর্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইডৰ উপস্থিতি পোৱা গৈছে ৷ তথ্য অনুসৰি পূৰ্বৰ অধ্যয়নত পোহৰলৈ অহা ৬ খন জিলাৰ বাহিৰেও বর্তমানে বঙাইগাঁও, কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, মৰিগাঁও, দৰং জিলাৰ পানীতো মাত্ৰাধিক ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰিছে। আন এক উদ্বেগৰ বিষয় যে একে সময়তে ৰাজ্যৰ ২০ খন জিলাতো মাত্ৰাধিক আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে ।

খোৱাপানীত আৰ্ছেনিকৰ কু-প্ৰভাৱত এতিয়া ৬,৮৮১ টা জনবসতি এলেকা আক্ৰান্ত বুলি বিভাগীয়ভাৱে জানিব পৰা গৈছে ৷ ইফালে ৰাজ্যখনৰ ১০,১৩৬ টা জনবসতি এলেকাৰ খোৱাপানীত মাত্ৰাধিক লৌহ ধাতুৰ উপস্থিতিও চিন্তনীয় বিষয়।

উল্লেখ্য যে ২০১৭ চনৰ ২২ মাৰ্চত খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় পানী গুণ উপ অভিযান। এই অভিযানৰ উদ্দেশ্য আছিল চাৰি বছৰৰ ভিতৰত আৰ্ছেনিক আৰু ফ্ল’ৰাইড প্ৰভাৱিত দেশৰ প্ৰায় ২৮ হাজাৰ অঞ্চলত সুৰক্ষিত খোৱাপানী সুলভ কৰোৱা।

এই লক্ষ্যত উপনীত হ’বলৈ গ্ৰহণ কৰা হৈছিল তিনিখন আঁচনি - ধৰাতলীয় জল (Surface water)ভিত্তিক পাইপ পানী যোগান আঁচনি, সুৰক্ষিত ভূ-জলভিত্তিক খোৱাপানী আৰু সমূহীয়া পানী বিশুদ্ধকৰণ গোট৷ তদুপৰি গ্ৰামাঞ্চলত পানীৰ গুণগত মান পৰীক্ষা কৰিবলৈ ভ্ৰাম্যমাণ পৰীক্ষাগাৰ আৰু টেষ্ট কিটছৰ ব্যৱস্থাও কৰা হৈছিল। কিন্তু অসমৰ জনতাক সুৰক্ষিত পানী যোগান ধৰাত কিমান সফল সেই কথা জলজীৱন মিছনৰ ব্যৰ্থতায়ে উদঙাই দিয়ে।

এই পর্যন্ত জলজীৱন মিছনে ৰাজ্যৰ মাথোঁ ৩৭ শতাংশ জনবসতিতহে পাইপ সংযোগী খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে। অত্যন্ত উদ্বেগৰ বিষয় যে ৰাজ্যৰ ফ্ল'ৰাইড অথবা আৰ্ছেনিক আক্ৰান্ত জনবসতিত জলজীৱন মিছনেও পাইপ সংযোগী খোৱাপানী যোগান ধৰা কাৰ্যসূচী আজিকোপতি সম্পন্ন কৰিব পৰা নাই । অৱশ্যে ৰাজ্যৰ ১০,১৩৬ টা গধুৰ ধাতুযুক্ত খোৱাপানীৰ প্ৰভাৱিত জনবসতিৰ ভিতৰত এতিয়ালৈকে ১,৫৯৯ টা বসতিতহে জলজীৱন মিছনে সফলতাৰে খোৱাপানী যোগান ধৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পানী গুণ উপ-অভিযানৰ (NWQSM) অধীনত ৰাজ্যখনত এতিয়ালৈকে নিৰ্ধাৰিত ৬,৮৮১ টা আৰ্চেনিক প্ৰভাৱিত জনবসতিৰ ভিতৰত ২,৩৫৮ টা জনবসতিত চৰকাৰীভাৱে খোৱাপানী যোগান সম্ভৱ কৰিবলৈ সক্ষম হৈছে। তেনেদৰে ৰাজ্যখনৰ খোৱাপানীত ফ্ল'ৰাইডৰ উপস্থিতি পোৱা বা জলজীৱনক প্ৰভাৱিত কৰা ৯৩০ টা জনবসতিক লক্ষ্য হিচাপে লৈ এন ডব্লিউ কিউ এছ এম-এ কাম আৰম্ভ কৰিছিল যদিও বৰ্তমানলৈকে মাথোঁ ২২৭ টা জনবসতিপূৰ্ণ অঞ্চলতহে পাইপ সংযোগী খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত ছালৰ কৰ্কট ৰোগ, কিডনী, যকৃত, বিভিন্ন ছালৰ বেমাৰ আৰু ফ্ল'ৰাইডযুক্ত পানীৰ পৰা দাঁতৰ বিভিন্ন গুৰুতৰ ৰোগ হয় ৷ ৰাজ্যত এইধৰণৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: গণেশ চতুৰ্থীত এইসমূহ খাদ্য সামগ্ৰীৰে বাপ্পাক সুখী কৰক

Last Updated : Aug 30, 2022, 3:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.