ETV Bharat / state

গ্ৰীণ জ'নৰ শিথিলতাই আনিব নেকি বিপদ !

চৰকাৰে ৰাইজক সকাহ প্ৰদানৰ উদ্দেশ্যে গ্ৰীণ জ'নসমূহত লক্​ ডাউন কিছু শিথিলতা কৰিছিল যদিও এই শিথিলতাৰ অপব্যৱহাৰ কৰিছে ৰাইজে । প্ৰয়োজন নোহোৱাকৈ বাটে-পথে ওলাই আহিছে সাধাৰণ লোক ৷ প্ৰায়সংখ্যক লোকে মানি চলা নাই সামাজিক দূৰত্ব। বহু লোকে আকৌ মাস্ক ব্যৱহাৰ নকৰাকৈ ৰাজপথত ওলাই অহাও পৰিলক্ষিত হৈছে।

author img

By

Published : May 7, 2020, 3:21 PM IST

গ্ৰীণ জ'নৰ শিথিলতাই বিপদ আনিব পাৰে নেকি ?

গুৱাহাটী, 7 মে : চৰকাৰে গ্ৰীণ জ'নত প্ৰদান কৰা শিথিলতাই আগন্তক দিনত বিপদ কঢ়িয়াই আনিব পাৰে নেকি ? মহানগৰীত পালন হোৱা নাই প্ৰশাসনৰ কোনো নীতি নিৰ্দেশনা । ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা । দেশৰ অন্যান্য কিছুমান ৰাজ্যৰ তুলনাত অসমৰ স্থিতি কিছু উন্নত যদিও চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত কৰ'ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

চৰকাৰে ৰাইজক সকাহ প্ৰদানৰ উদ্দেশ্যে গ্ৰীণ জ'নসমূহত লক্​ ডাউন কিছু শিথিল কৰিছিল যদিও এই শিথিলতাৰ অপব্যৱহাৰ কৰিছে ৰাইজে । প্ৰয়োজন নোহোৱাকৈ বাটে-পথে ওলাই আহিছে সাধাৰণ লোক ৷ প্ৰায়সংখ্যক লোকে মানি চলা নাই সামাজিক দূৰত্ব। বহু লোকে আকৌ মাস্ক ব্যৱহাৰ নকৰাকৈ ৰাজপথত ওলাই অহাও পৰিলক্ষিত হৈছে।

প্ৰয়োজন নোহোৱাকৈয়ে ৰাইজ এনেদৰে ঘৰৰ পৰা ওলাই অহাটোৱে আগন্তক দিনত ডাঙৰ বিপদ কঢ়িয়াই আনটো নিশ্চিত বুলি প্ৰকাশ কৰিছে সচেতন লোকসকলে । পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ পূৰ্বেই ৰাইজক সচেতন হ'বলৈ আহ্বান জনাইছে সচেতন লোকসকলে ৷

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈকে ৪৫ গৰাকীকৈ লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । আক্রান্ত লোকসকলৰ ভিতৰত ৩৪ গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.