ETV Bharat / state

গুৱাহাটীত আটক তিনি গৰাকীকৈ ইৰাণী দলৰ সদস্য - grapter 3 atm hackers at ghy

হাৰিয়ানাৰ পৰা অহা ধৃত জোনাইড খান, চালিম খান আৰু ছামচেদ খান নামৰ তিনি ইৰানী সদস্যই ধন লুটৰ বাবে প্ৰৱেশ কৰিছিল গুৱাহাটী মহানগৰীত। তিনিওৰে পৰা আৰক্ষীয়ে জব্দ কৰে ১৩০ খন এটিএম কাৰ্ড ।

গুৱাহাটীত গ্ৰেপ্তাৰ তিনি দুৰ্ধৰ্ষ
গুৱাহাটীত গ্ৰেপ্তাৰ তিনি দুৰ্ধৰ্ষ
author img

By

Published : Mar 17, 2020, 4:28 PM IST

Updated : Mar 17, 2020, 5:50 PM IST

বৰঝাৰ, 17 মাৰ্চঃ গুৱাহাটীৰ বৰঝাৰত ইৰানীৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিচতেই উদঘাটন হৈছে কেইবাটাও তথ্য । হাৰিয়ানাৰ পৰা অহা ধৃত জোনাইড খান, চালিম খান আৰু ছামচেদ খান নামৰ তিনি ইৰানী সদস্যই ধন লুটৰ বাবে প্ৰৱেশ কৰিছিল গুৱাহাটী মহানগৰীত। তিনিওৰে পৰা আৰক্ষীয়ে জব্দ কৰে ১৩০ খন এটিএম কাৰ্ড । মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জনোৱা অনুসৰি এটিএম হেকিং কৰি এই তিনি ইৰানী সদস্যই ধন লুট কৰে । অতি কৌশলৰে বেংকৰ গ্ৰাহকলৈ মেছজ নোযোৱাকৈ ধন উলিয়ায় ধৃত গেংটোৱে । দেশৰ অন্য প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত কৰি সোমবাৰে গুৱাহাটীত প্ৰৱেশ চেষ্টা কৰে দলটোৱে । সেই সময়তে মহানগৰ আৰক্ষীৰ জালত পৰে হাৰিয়ানাৰ এই তিনি দুৰ্ধৰ্ষ অভিযুক্ত । ইতিমধ্যেই ধৃত তিনিওৱে স্বীকাৰ কৰিছে এই সমস্ত অপৰাধৰ কথা । ইফালে এই অপৰাধৰ লগত আৰু বহু লোক তথা বেংক বিষয়াও জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। যাৰ বাবে আৰক্ষীয়ে পৃঠকে পৃঠকে তিনিওৰে অব্যাহত ৰাখিছে জেৰা ।

গুৱাহাটীত আটক তিনি গৰাকীকৈ ইৰাণী দলৰ সদস্য

লহতে পঢ়কঃ ডুমডুমাত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

Last Updated : Mar 17, 2020, 5:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.