ETV Bharat / state

কেতিয়া আদায় হ'ব চৰকাৰী বিভাগৰ বহু কোটি টকীয়া অপৰিশোধিত বিদ্যুৎ মাছুল ?

এপিডিচিএল(APDCL)ক চৰকাৰী বিভাগে আদায় দিবলৈ বাকী আছে ৯৫ কোটি টকা । জনস্বাস্থ্য কাৰিকৰী বিভাগে এ পি ডি চি এল(APDCL)ক সৰ্বাধিক ২৬.৩১ কোটি টকা মাৰ্চলৈ আদায় দিয়া নাই। চৰকাৰী বিভাগসমূহে এ পি ডি চি এল(APDCL)ক সময়মতে বিল পৰিশোধ নকৰি লোকচানৰ দিশলৈ ঠেলি দিছে। কিন্তু এই কথা ৰাজহুৱাভাৱে ক'ব নোৱাৰা এ পি ডি চি এলে আৰু এইক্ষেত্রত কোনো তথ্যও দিব নিবিচাৰে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

author img

By

Published : Jul 8, 2021, 9:28 PM IST

govt-department-pending-electric-bill-story
কেতিয়া আদায় হ'ব চৰকাৰী বিভাগৰ অনাদায় বৃহৎ অংকৰ বিদ্যুৎ মাছুল ?

গুৱাহাটী, ৮ জুন : বিদ্যুতৰ অনাদায় বিল আদায় কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে। বিদ্যুৎ চুৰিত লিপ্ত থকা সকলৰ বিৰুদ্ধে শক্তি বিভাগে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে । বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে এ পি ডি চি এল আৰু অসম আৰক্ষীয়ে যৌথভাৱে উদ্যোগ গ্ৰহণ কৰিছে । অলপতে সংবাদমেল যোগে এ পি ডি চি এল(APDCL)ৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে সদৰি কৰা মতে জুন মাহত এ পি ডি চি এলে ১,৯০৪ টা অভিযান চলাইছিল আৰু ইয়াৰ ভিতৰত বিদ্যুতৰ অবৈধ ব্যৱহাৰ সন্দৰ্ভত ৬১১ খন এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে ।

আনহাতে, জুন মাহত এ পি ডি চি এলে চলোৱা অভিযানত ৪৫.৯৪ কোটি টকা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছিল । তদুপৰি বিদ্যুৎ মাছুল নিদিয়া বাবে ১ লাখ ১১ হাজাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ২৭ কোটি টকা ফাইন সংগ্ৰহ কৰি ৪৮,১৭২ টা সংযোগ পুনৰ কৰা হৈছিল । এপিডিচিএলে এতিয়াও গ্ৰাহকৰ পৰা বিদ্যুৎ মাছুলৰ বাবদ দুই কোটি টকা পাবলৈ বাকী আছে । চৰকাৰে অনাদায় বিল আদায়ৰ বাবে ব্যাপক উদ্যোগ গ্ৰহণ কৰাৰ উপৰি সময়মতে বিল আদায় দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

আনকি চৰকাৰী কৰ্মচাৰীক অনাদায় বিল নিদিলে দৰমহা কৰ্তন কৰাৰো ঘোষণা কৰিছে । পিছে ৰাইজক যথাসময়ত বিদ্যুৎ বিল আদায় দিয়াৰ বাবে আহ্বান জনোৱা তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা চৰকাৰখনেই এপিডিচি এলৰ ওচৰত ঋণী হৈ আছে । প্ৰাপ্ত তথ্য মতে চৰকাৰে এপিডিচি এলক বিদ্যুৎ মাছুলৰ বাবদ আদায় দিবলৈ আছে ৯৫ কোটি টকা । চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায়ৰ ক্ষেত্ৰত চৰকাৰে কোনো উদ্যোগ গ্ৰহণ নকৰা সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

বিভাগীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে মাৰ্চ মাহলৈকে চৰকাৰী বিভাগসমূহে এপিডিচিএলক দিবলৈ বাকী আছে ৯৫ কোটি টকা । এতিয়ালৈকে এই পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাটো নিশ্চিত । শক্তিমন্ত্ৰী বিমল বৰাই দিয়া তথ্য মতে চৰকাৰী বিভাগৰ পৰাই শক্তি বিভাগে পাবলৈ আছে ১০৬ কোটি টকা । প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এপিডিচি এলক সৰ্বাধিক ২৬.৩১ কোটি টকা মাৰ্চলৈ আদায় দিয়া নাই ৷

আনহাতে, বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বিভাগীয় অভিযানত সংযুক্ত হোৱা ডি জি পিৰ কাৰ্যালয়ে এ পি ডি চি এলক চাৰি কোটিৰো অধিক টকাৰ বিদ্যুৎ বিল দিবলৈ বাকী আছে । সেইদৰে স্বাস্থ্য বিভাগে দিবলৈ বাকী আছে দহ কোটি টকাৰো অধিক বিদ্যুৎ মাছুল । আনহাতে লোক নিৰ্মাণ বিভাগে ৪.২৯ কোটি টকা, জলসিঞ্চন বিভাগে ৬.৩৯ কোটি টকা, উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়সমূহৰ বিপৰীতে সাধাৰণ প্ৰশাসন বিভাগে ৫.২১ কোটি টকা বিদ্যুৎ মাছুল এ পি ডি চি এলক দিবলৈ বাকী আছে । মাৰ্চ মাহলৈ চৰকাৰী ৭১ টা বিভাগৰ পৰা এ পি ডি চি এলে(APDCL) বিদ্যুৎ মাছুলৰ বাবদ পাবলৈ আছে ৯৫ কোটি টকা ।

এতিয়ালৈকে চৰকাৰী বিভাগসমূহে কিমান টকা আদায় দিলে নাইবা দিবলৈ কিমান বাকী আছে সেই সন্দৰ্ভত বিজুলী ভৱনে কোনো ধৰণৰ তথ্য বিভাগীয়ভাৱে সদৰি কৰা নাই । এই ক্ষেত্ৰত এ পি ডি চি এলৰ সংশ্লিষ্ট বিষয়াৰে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে কোনো কথাই স্পষ্ট ৰূপত সদৰি কৰা নাই তথা সদৰি কৰিব বিচৰা নাই । লক্ষণীয় বিষয় যে ডি জি পি কাৰ্যালয় (DGP OFFICE)ৰ অনাদায় বিলৰ প্ৰসংগত বাতৰি প্ৰকাশৰ পাছতে এ পি ডি চি এলে স্পষ্টীকৰণ দিছিল ।

স্পষ্টীকৰণ মতে জলসিঞ্চন, স্বাস্থ্য, সাধাৰণ প্ৰশাসন, গৃহ আৰু আৰক্ষী বিভাগকে ধৰি ৯ টা চৰকাৰী বিভাগৰ বিদ্যুৎ বিল সাধাৰণ প্ৰশাসন বিভাগে কেন্দ্ৰীয়ভাৱে পৰিশোধ কৰে । এটা কথা ঠিক যে চৰকাৰী বিভাগসমূহে এ পি ডি চি এলক সময়মতে বিল পৰিশোধ নকৰি লোকচানৰ দিশলৈ ঠেলি দিছে । কিন্তু এই কথা ৰাজহুৱাভাৱে ক'ব নোৱাৰা এ পি ডি চি এলে আৰু এইক্ষেত্ৰত কোনো তথ্যও দিব নিবিচাৰে । কাৰণ চৰকাৰেই নিয়ন্ত্ৰণ কৰে এপিডিচি এলক ।

যাৰবাবে সাধাৰণ লোকৰ সহজতে বিদ্যুৎ কৰ্তন কৰা এপিডিচি এলে চৰকাৰী বিভাগত হাত দিব নোৱাৰে । যাৰবাবে অনাদায় হৈ আছে চৰকাৰী বিভাগৰ কোটি কোটি টকাৰ বিদ্যুৎ মাছুল । যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে নিয়মীয়াকৈ বিদ্যুৎ মাছুল আদায় দিয়া গ্ৰাহকসকলে ।

লগতে পঢ়কঃ মোডী কেবিনেট 2.0: সাতগৰাকী মহিলাৰ অন্তৰ্ভুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.