ETV Bharat / state

Governor felicitates blood donors:১১০ বাৰ ৰক্তদান কৰা এজন বিশেষ লোক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:59 PM IST

১১০ বাৰ ৰক্ত দান কৰি চৰ্চিত এগৰাকী ব্যক্তি । বুধবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই জনালে সম্বৰ্ধনা ।

governor felicitates blood donors at gmch
এগৰাকী বিশেষ ব্যক্তি
এগৰাকী বিশেষ ব্যক্তি

গুৱাহাটী, 13 ছেপ্টেম্বৰ : ৰক্তদান মহৎ দান । আপোনাৰ ৰক্তদানে বচাব পাৰে অন্য এজন লোকৰ জীৱন । বৰ্তমান সময়ত বহুলোকে ৰক্তদান কৰা দেখা যায় । প্ৰতি তিনিমাহৰ মূৰে মূৰে এগৰাকী ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে । এনে বহুলোক আছে যিয়ে ৰক্তদান কৰি সমাজসেৱা কৰি আহিছে । তাৰেই ভিতৰত এগৰাকী লোক হৈছে বঙাইগাঁওৰ জ্ঞানচন্দ জৈন ।

ৰক্তদান কৰি লোকজনে দেখুৱাইছে আদৰ্শ । এবাৰ দুবাৰ নহয় বৰ্তমান সময়লৈকে তথ্য অনুসৰি প্ৰায় ১১০ বাৰ ৰক্তদান কৰিছে লোকজনে । লোকজনৰ বয়স প্ৰায় ৫৭ বছৰ । ১৫ বছৰ বয়সৰ পৰাই ৰক্ত দান কৰি আহিছে ব্যক্তিজনে ।

১৯৮৫ চনৰ পৰাই ৰক্তদান কৰি আহিছে লোকজনে । যি সময়ত ৰক্তদান কৰা আৰু ৰক্ত গ্ৰহণ কৰাটো অবৈধ হিচাপে গণ্য কৰা হৈছিল । সেই সময়ৰ পৰা বৰ্তমানলৈ তেওঁ ৰক্তদান কৰি আহিছে । অকল অসমতেই নহয় বহি: ৰাজ্যতো ৰক্তদান কৰি বহুজনক জ্ঞাত-অজ্ঞাতভাৱে জীৱন দান কৰি আহিছে জ্ঞানচন্দ জৈনে ।

কেৱল জ্ঞানচন্দ জৈনে নহয় এসময়ত তেওঁৰ পিতৃয়েও ৰক্তদান কৰি জীৱন দান কৰিছে বহুজনৰ । বৰ্তমান তেওঁৰ কন্যায়েও ৰক্তদান কৰি সহায় কৰি আছে বহুৰোগীক । ৰক্তদান সম্পৰ্কে মন্তব্য কৰি জৈনে কয়- ‘মই কোনো ৰেকৰ্ডৰ বাবে ৰক্তদান নাই কৰা । ৰক্তদান কৰি ভালপাও বাবে ৰক্তদান কৰি আহিছো । ৰক্তদানৰ ফলত মোৰ শৰীৰত কোনো অসুবিধাও হোৱা নাই’ ।

জ্ঞানচন্দ জৈনে সকলোকে ৰক্তদান কৰিবলৈয়ো আহ্বান জনায় । উল্লেখ্য যে, বুধবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় একাধিকবাৰ ৰক্তদান কৰা বহু কেইগৰাকী ব্যক্তিক৷ জ্ঞানচন্দ জৈনৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৮৫ বাৰ ৰক্তদান কৰা বজ্ৰ কুমাৰ সুৰানাক, ৮৩ বাৰ ৰক্তদান কৰা মহেন্দ্ৰ চেতীয়া, ৩০ বাৰ ৰক্তদান কৰা মহিলা মমতা পুগালিয়াক ।

লগতে পঢ়ক : Ayushman Bhav Campaign: গুৱাহাটীত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.