ETV Bharat / state

চৰকাৰে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সু-নিশ্চিত কৰাৰ সঠিক পৰিকল্পনা কৰক : ৰাইজৰ দল - Raijor dol

অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নথকাৰ বাবে পৰীক্ষা বাতিল হোৱাৰ পাছত মূল্যাংকন পদ্ধতিক লৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে । একেদৰে কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ চূড়ান্ত বৰ্ষৰ লগতে এবছৰীয়া, দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম সমূহৰো ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত সন্দিহান হৈ পৰিছে ।

government-should-make-proper-plans-to-ensure-interests-of-students-raijor-dol
চৰকাৰে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সু-নিশ্চিত কৰাৰ সঠিক পৰিকল্পনা কৰক : ৰাইজৰ দল
author img

By

Published : Jun 20, 2021, 10:21 PM IST

গুৱাহাটী, ২০ জুন : বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ বাবে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে । কিন্তু অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নথকাৰ বাবে পৰীক্ষা বাতিল হোৱাৰ পাছত মূল্যাংকন পদ্ধতিক লৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে । একেদৰে কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ চূড়ান্ত বৰ্ষৰ লগতে এবছৰীয়া, দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম সমূহৰো ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত সন্দিহান হৈ পৰিছে ।

বহুবোৰ বৃত্তিগত শিক্ষাৰ পাঠ্যক্ৰমত শ্ৰেণীকোঠাৰ শিক্ষা তথা ব্যৱহাৰিক শিক্ষা এক অবিচ্ছেদ্য অংশ । কিন্তু বিগত দুটা বছৰত এই শিক্ষাৰ্থীসকল এই অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে । যাৰ ফলত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ তেওঁলোকৰ উচ্চ শিক্ষা, নিয়োগ আদিৰ ক্ষেত্ৰত পৰাৰো পূৰ্ণ সম্ভাৱনা আছে ।

শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে ।

এক বিবৃতিযোগে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাই এইসকল শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে এক সৰ্বগ্ৰহণযোগ্য আৰু বিজ্ঞানসন্মত পদ্ধতি গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । লগতে সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো নিশ্চিত কৰাৰো দাবী জনাইছে । কেৱল সমিতি গঠন কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ বিপৰীতে সকলো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিষ্কণ্টক কৰাৰ বাবে সঠিক পৰিকল্পনা কৰাৰ দাবী জনাইছে ৰাইজৰ দলে ।

লগতে পঢ়ক: আগষ্টলৈকে ডিমা হাছাওত 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.