ETV Bharat / state

Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীৰ অভিভাৱকৰ কাষত চৰকাৰী প্ৰতিনিধি - জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলৰ অভিভাৱকক আশ্বাস প্ৰদান

কামৰূপৰ দহগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকক সাক্ষাৎ কৰি সাহস দিলে জিলা প্ৰশাসনৰ লোকে(Government representative meets parents)। শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে নিজ মাতৃভূমিলৈ ওভতাই অনাৰ আশ্বাস প্ৰদান কৰিলে জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে ৷

government-representative-meets-parents-of-students-who-stuck-in-ukraine
ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীৰ অভিভাৱকৰ কাষত চৰকাৰী প্ৰতিনিধি
author img

By

Published : Mar 2, 2022, 4:53 PM IST

গুৱাহাটী, 2 মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত(Russia Ukraine conflict)আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰ কৰি অনাৰ উদ্দেশ্যে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও শংকিত হৈ আছে পৰিয়ালৰ লোকসকল । পৰিয়ালৰ লোকসকলক সকাহ দিয়াৰ বাবে চৰকাৰীভাৱে তেওঁলোকৰ সৈতে যোগাযোগ অব্যাহত ৰখা হৈছে । সেই অনুসৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা কামৰূপ জিলাৰ ১০ গৰাকীতকৈও অধিক শিক্ষাৰ্থীৰ অভিভাৱকসকলক জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বাসগৃহলৈ গৈ লগ ধৰি তেওঁলোকক সাহস যোগায়(Government representative meets parents) ।

ইউক্ৰেইনত আৱদ্ধ কামৰূপ জিলাৰ দহগৰাকী শিক্ষাৰ্থী হৈছে ক্ৰমে নগৰবেৰাৰ চাহিল আনোৱাৰ, আৰিফ মহফুজ ছিদ্দিক, জাকাৰিয়া আতিকুৰ ৰহমান হুছেইন, ফাৰুক আব্দুল্লা, হাছানুল ইছলাম, দামপুৰৰ আকিব মুস্তাব আহমেদ, আখটাৰ আলী, শ্বাহিদ ইকবাল শ্বৰীফ, শুৱালকুছিৰ হিমজ্যোতি তালুকদাৰ আৰু অংকুৰ জ্যোতি ঠাকুৰীয়া(Assam students stuck in Ukraine) ।

কামৰূপ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে এই শিক্ষাৰ্থীকেইজনৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে । ইউক্ৰেইনত আৱদ্ধ হৈ থকা তেওঁলোকৰ সন্তানসকলক সুৰক্ষিতভাৱে উভতাই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় আৰু সম্ভৱপৰ সকলো পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ প্ৰতিনিধিসকলে অভিভাৱকসকলক অৱগত কৰে । প্ৰতিনিধিসকলে লগতে এইবুলি আশ্বাস প্ৰদান কৰে যে, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰৰ সকলো ব্যৱস্থা চোৱাচিতা কৰি আছে। ভাৰত চৰকাৰে সুৰক্ষিতভাৱে ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই আনিবলৈ অপাৰেচন গংগা আৰম্ভ কৰি ইউক্ৰেইনৰ পৰা আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে কাম কৰি আছে । প্ৰতিনিধিসকলে অভিভাৱকসকলক চৰকাৰৰ এই প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় ।

ইতিমধ্যে কামৰূপৰ শুৱালকুছিৰ ছাত্ৰী দীপশিখা দাস যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা ঘূৰি আহি নিজ গৃহত উপস্থিত হৈছে(Student studying in Ukraine returns to Assam) । উল্লেখ যে, কেন্দ্ৰীয় চৰকাৰে চাৰিগৰাকী মন্ত্ৰীক ইউক্ৰেইনৰ চুবুৰীয়া দেশ ৰোমানিয়া, পোলেণ্ড, হাংগেৰী আৰু শ্লোভোকিয়ালৈ প্ৰেৰণ কৰিছে । যাতে তেওঁলোকে ব্যক্তিগতভাৱে এই দেশবোৰৰ জৰিয়তে স্থানান্তৰ প্ৰচেষ্টাৰ নেতৃত্ব দিব পাৰে ।

লগতে পঢ়ক : ইউক্ৰেইনত আৱদ্ধ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.