ETV Bharat / state

কৰ’ণা মহামাৰী: পুনৰ ৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ - কোভিড ১৯

গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত 435 গৰাকী কয়দীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ কাৰাগাৰ মহা পৰিদৰ্শকৰ সূত্ৰই সদৰী কৰা অনুসৰি,কোকৰাঝাৰ কাৰাগাৰত দুগৰাকী,তিনিচুকীয়া কাৰাগাৰত এগৰাকী,ডিফু কাৰাগাৰত দুগৰাকী,শিলচৰ কাৰাগাৰত এগৰাকী,মঙলদৈ কাৰাগাৰত তিনি গৰাকী,গোলাঘাট কাৰাগাৰত 117 গৰাকী, নগাঁও কাৰাগাৰত ৬৩ গৰাকী,তেজপুৰ কাৰাগাৰত দুগৰাকী,ওদালগুৰি কাৰাগাৰত চাৰি গৰাকী আৰু যোৰহাট কাৰাগাৰত ছগৰাকী কাৰাবন্দীৰ শৰীৰত কোভিড ১৯ ৰ সংক্ৰমণ ঘটিছে ।

Government ready to release prisoners due to covid 19 guwahati assam etv bharat news
৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ
author img

By

Published : Jul 27, 2020, 5:05 PM IST

গুৱাহাটী, ২৭ জুলাই: কোভিড ১৯ য়ে সংহাৰী ৰূপ ল’বলৈ আৰম্ভ কৰাৰ সময়তে বিগত মাৰ্চ মাহত ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা প্ৰায় দুই হাজাৰ কাৰাবন্দীক মুকলি কৰি দিয়াৰ পিছত পুনৰ 376 গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু হৈছে চৰকাৰ । বিশেষকৈ ৰাজ্যৰ 13 খন কাৰাগাৰত শেহতীয়াকৈ 666 গৰাকী কাৰাবন্দীৰ শৰীৰত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ পৰৱৰ্তী সময়ত অধিক সংক্ৰমণ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে ।

৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ

সোমবাৰে কাৰাগাৰ মহা পৰিদৰ্শক দশৰথ দাসে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে,ইতিমধ্যে মাৰ্চ মাহৰ পিছত নতুনকৈ কোনো বন্দীক মুকলি কৰি দিয়া হোৱা নাছিল । কিন্তু উচ্চ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশৰ পিছত পুনৰ কাৰাবন্দীসকলৰ মুক্তিৰ পথ মুকলি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

উল্লেখ্য যে,গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত 435 গৰাকী কাৰাবন্দীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ কাৰাগাৰ মহা পৰিদৰ্শকৰ সূত্ৰই সদৰী কৰা অনুসৰি,কোকৰাঝাৰ কাৰাগাৰত দুগৰাকী,তিনিচুকীয়া কাৰাগাৰত এগৰাকী,ডিফু কাৰাগাৰত দুগৰাকী,শিলচৰ কাৰাগাৰত এগৰাকী, মঙলদৈ কাৰাগাৰত তিনি গৰাকী,গোলাঘাট কাৰাগাৰত 117 গৰাকী,নগাঁও কাৰাগাৰত ৬৩ গৰাকী,তেজপুৰ কাৰাগাৰত দুগৰাকী,ওদালগুৰি কাৰাগাৰত চাৰি গৰাকী আৰু যোৰহাট কাৰাগাৰত ছগৰাকী কাৰাবন্দীৰ শৰীৰত কোভিড ১৯ ৰ সংক্ৰমণ ঘটিছে ।

লগতে চাওকঃ মুখ্যমন্ত্ৰীয়ে নগাঁৱত স্থাপন কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.