গুৱাহাটী, 20 অক্টোবৰ : গুৱাহাটী মহানগৰীত আধ্যৱন্ত চোৰ ৷ অভাৱত পৰি নহয়, স্বভাৱগতভাৱেই এইজন লোকৰ স্বভাৱ নষ্ট ৷ দোকানৰ পৰা মোবাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া ৷ আৰক্ষীৰ জালত পৰা লোকজন ৰাজ্য চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ এজন উপসঞ্চালক।
উল্লেখ্য যে, পাঞ্জাবাৰীৰ বাঘৰবৰীৰ "য়াচ জ’ছ" নামৰ এখন কাপোৰৰ বিপনীত কাপোৰ ক্ৰয় কৰিবলৈ আহিছিল আলী আশ্ৰফ নামৰ লোকজন । কাপোৰ চোৱাৰ চলেৰে চৰকাৰী বিষয়াজনে দোকানৰ গৰাকীৰ এটা দামী ম’বাইল কৌশলেৰে চুৰি কৰি আঁতৰি যায় । পিছত কাপোৰৰ দোকানৰ গৰাকীয়ে দোকানত সংযোজিত চি চি কেমেৰাৰ ফুটেজ চাই ম’বাইল ফোনটো আলী আশ্রফে চুৰি কৰি নিয়াতো ধৰা পেলায় ।
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছয়মাইলৰ দাৰান্ধাৰ পৰা গ্ৰেপ্তাৰ কৰে বিষয়াজনক ৷ দামী ম’বাইল দেখি লোভ কৰি এতিয়া নিজৰ নাকতেই ক’লা ছাঁই সানিব লগা হ’ল এইজন বিষয়াই ৷
লগতে পঢ়ক : লুইতৰ বুকুত জাহ যোৱাৰ দিশে বহৰি সত্ৰ