ETV Bharat / state

সম্পূৰ্ণ সুস্থ হেমা মালিনী!

হেমা মালিনীক ৰখা হৈছে চিকিৎসকৰ নিৰীক্ষণত ৷

সোণালী বান্দৰ
author img

By

Published : Jul 30, 2019, 8:01 PM IST

কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে উমানন্দৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অহা হৈছিল হেমা মালিনীক ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...

সোণালী বান্দৰ

কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে উমানন্দৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অহা হৈছিল হেমা মালিনীক ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...

সোণালী বান্দৰ
Intro:সম্পূৰ্ণ সুস্থ হৈ বৰ্তমান প্ৰজনন কেন্দ্ৰত আছে হেমা মালিনী।সকলোৰে আশা, বছৰৰ শেষৰ ফালে হয়তো ভাল খবৰ দিব হেমা মালিনীয়ে।

Body:পৃথিৱীৰ সবাতোকৈ সৰু নদীদ্বীপ উমানন্দৰ সোণালী বান্দৰৰ আশ্ৰয়স্থলী এতিয়া গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা। বিভিন্ন ৰোগত আক্রান্ত হৈ উমানন্দৰ কেইবাটাও সোণালী বান্দৰৰ মৃত্যু হোৱাৰ পিছত যোৱা বছৰ দুটাকৈ ৰোগাক্ৰান্ত সোণালী বান্দৰক উমানন্দৰ পৰা চিকিৎসাৰ বাবে অনা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানালৈ। সোণালী বান্দৰ দুটাৰ এটা বান্দৰ চিকিৎসাধীন অৱস্থাত চিৰিয়াখানাতে মৃত্যু হোৱাৰ পৰিবৰ্তে হেমা মালিনী নামৰ বান্দৰটো ক্ৰমাৎ সুস্থ হৈ ওঠে। উপযুক্ত চিকিৎসাৰ ফলত বৰ্তমান হেমা মালিনী সম্পূৰ্ণ সুস্থ আৰু এতিয়া হেমা মালিনীক ৰখা হৈছে চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত। চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত তিনিটা মাইকী বান্দৰৰ পৰিবৰ্তে এটা মতা বান্দৰ আছে। সোণালী বান্দৰৰ বংশবৃদ্ধিৰ বাবে চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰা হৈছে। যোৱা বছৰ ডিচেম্বৰ মাহত এটা সোণালী বান্দৰে চিৰিয়াখানাত পোৱালি জন্ম দিছিল। চিৰিয়াখানাৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে চলিত বছৰৰ শেষৰ ফালে হয়তো হেমা মালিনীয়ে পোৱালি জন্ম দিব পাৰে।

বাইট : তেজস্ব মাহেশ্বশ্ৰী, বন বিষয়া, চিৰিয়াখানা




Conclusion:উমানন্দত থকা সোণালী বান্দৰ কেইটা উমানন্দত উপযুক্ত পৰিবেশ আৰু খাদ্য পৰা বঞ্চিত হোৱাৰ বাবে ৰোগাক্ৰান্ত হৈ মৃত্যৰ মুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই।
বর্তমান গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত ৬টা সোণালী বান্দৰ আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.