ETV Bharat / state

Bangladesh Independence Victory Day : ৰাজীৱ ভৱনত বাংলাদেশ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষৰ বিজয় দিৱস উদযাপন - ভাৰতৰ আন্তৰ্জাতিক সীমান্তত শান্তি বিৰাজ

দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সৌজন্যত পালন কৰা হয় বাংলাদেশ স্বাধীনতা যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষৰ বিজয় দিৱস (Golden Jubilee Year of Bangladesh Independence Victory Day) ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অন্যতম নেতা প্ৰণৱ ডাবে ৷

Golden Jubilee Year of Bangladesh Independence Victory Day
বাংলাদেশ স্বাধীনতা যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষৰ বিজয় দিৱস
author img

By

Published : Mar 19, 2023, 10:50 PM IST

বাংলাদেশ স্বাধীনতা যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষৰ বিজয় দিৱস

গুৱাহাটী, ১৯ মাৰ্চ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সৌজন্যত দেওবাৰে দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বাংলাদেশ স্বাধীনতা যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষৰ বিজয় দিৱস পালন কৰা হয় (Golden Jubilee Year of Bangladesh Independence Victory Day) । এই উপলক্ষ্যে আয়োজন কৰা সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অন্যতম নেতা তথা উক্ত বিজয় উৎসৱ উদযাপন কমিটীৰ আহ্বায়ক প্ৰণৱ ডাবে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বাংলাদেশ স্বাধীন হোৱাৰ ক্ষেত্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰীৰ সাহসী ভূমিকাক ভূয়সী প্ৰশংসা কৰে ।

আমন্ত্ৰিত বক্তা হিচাপে নৰ্থ ইষ্ট হিলচ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ অপূৰ্ব কুমাৰ বৰুৱাই কয় যে বাংলাদেশৰ জন্মই ভাৰতৰ আন্তৰ্জাতিক সীমান্তত শান্তি বিৰাজ কৰাত অভূতপূৰ্ব অৰিহণা আগবঢ়াইছে । আন এগৰাকী আমন্ত্ৰিত বক্তা গুৱাহাটী আই আই টিৰ প্ৰাক্তন অধ্যাপক ড৹ আবু নাছেৰ চৈয়দ আহমেদে কয় যে বাংলাদেশৰ জন্মই সমগ্ৰ ভাৰতৰে কূটনৈতিক আৰু সামৰিক ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

লগতে পঢ়ক : Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে বাংলাদেশ জন্মৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ সাহসী ভূমিকাৰ বাবেই তেখেতক সেই সময়ৰ বিৰোধী নেতা অটল বিহাৰী বাজপেয়ীয়ে দুৰ্গা গোঁসানীৰ লগত তুলনা কৰিছিল ।

সভাত সভাপতিত্ব কৰে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে । সভাৰ অন্যান্য বক্তাসকল আছিল ক্ৰমে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদ, বলিন কুলি আৰু দ্বিজেন শৰ্মা । ১৯৭১ চনত বাংলাদেশ যুদ্ধত ভাৰতৰ হৈ যুদ্ধত অংশ গ্ৰহণ কৰা ৩০ জন প্ৰাক্তন সেনা বাহিনীৰ লোকক সভাত ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ।

এই অনুষ্ঠানত ধন্যবাদ সূচক বক্তৃতা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক স্বপন কুমাৰ মণ্ডলে ।

লগতে পঢ়ক : Imran Khan case update: নিষিদ্ধ হ’ব ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.