গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে চোৰাং সোণ । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজনকৈ চোৰাং সোণ সৰবৰাহকাৰী । অসম আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষী আৰু এছ টি এফে চলোৱা যুটীয়া অভিযানত চাৰিজনকৈ চোৰাং সোণ সৰবৰাহীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৫১৮ গ্ৰাম চোৰাং সোণ ।
![Gold Smuggler arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-09-2023/19509984_ghy.jpg)
উল্লেখ্য যে, সোণ সৰবৰাহকাৰীসকলৰ ভিতৰত এগৰাকী মহিলাও আছে । গুৱাহাটীৰ যোৰাবাটত চলোৱা হৈছিল এই অভিযান । এক বিশেষ সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষী আৰু এছ টি এফে এই অভিযান চলাইছিল । যুটীয়া অভিযানকাৰী দলটোৱে মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা এম এ ০৫ এন ৮৭১২ নম্বৰৰ হুণ্ডাই এক্সেল গাড়ীখনত তালাচী চলায় ।
![Gold Smuggler arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-09-2023/as-ghy-02-four-persons-including-woman-arrested-with-smuggled-gold-in-guwahati-7209925_14092023130235_1409f_1694676755_591.jpg)
তালাচীৰ সময়ত গাড়ীখনত যাত্ৰা কৰি থকা চাৰিজন ব্যক্তিৰ হাতৰ পৰা চোৰাংভাৱে পৰিবহন কৰি নিয়া প্ৰায় ৫১৮ গ্ৰাম ওজনৰ ৰিং আকাৰৰ পাঁচ ডোখৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোণখিনি আৰু গাড়ীখন জব্দ কৰাৰ লগতে চাৰি ব্যক্তিক কৰায়ত্ত কৰা হয় ।
বেআইনীভাৱে আহৰণ কৰা সোণখিনি মেঘালয়ৰ পৰা ৰাজস্থানলৈ চোৰাংভাৱে সৰবৰাহ কৰিব বিচৰা হৈছিল । ধৃত লোক চাৰিজন ৰাজস্থানৰ যোধপুৰৰ ইনায়ৎ আলি (৩০) আৰু মহম্মদ য়ুচুফ (৩৯) আৰু মেঘালয়ৰ শ্বিলঙৰ ভীৰু সিং (২৭) আৰু জন্নাৎ বেগম (৫৬) বুলি চিনাক্ত কৰা হৈছে ।
ধৃত কেইজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে এছ টি এফে তেওঁলোকক জব্দকৃত সামগ্ৰীৰ সৈতে যোৰাবাট আৰক্ষীক চমজাই দিয়ে । এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি তদন্ত চলোৱা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ।
লগতে পঢ়ক : Request for bridge: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ শিক্ষাৰ্থীয়ে কৰযোৰে বিচাৰিব লগীয়া হৈছে দলং