ETV Bharat / state

Boxer Lovlina Borgohain : স্ব-ভূমিত উপস্থিত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহাই - বিশ্ব চেম্পিয়ন লাভলীনা

মহিলা বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে স্ব-ভূমিত উপস্থিত হ’ল বক্সাৰ লাভলীনা বৰগোঁহাই (Gold medalist Boxer Lovlina Borgohain reached in Guwahati)৷ আজি পুৱাই গুৱাহাটীৰ বিমানবন্দৰত পুষ্প বৃষ্টিৰে উষ্ম আদৰণি জনোৱা হয় অসম কন্যা বক্সাৰ লাভলীনাক ৷

Boxer Lovlina Borgohain won the gold medal
পুষ্প বৃষ্টিৰে উষ্ম আদৰণি বক্সাৰ লাভলীনা বৰগোঁহাইক
author img

By

Published : Mar 30, 2023, 2:15 PM IST

পুষ্প বৃষ্টিৰে উষ্ম আদৰণি বক্সাৰ লাভলীনা বৰগোঁহাইক

গুৱাহাটী, 30 মাৰ্চ : “মোৰ এই সফলতা কেৱল মোৰ কষ্টৰ বাবে নহয়, সকলোৰে কষ্ট আৰু উৎসাহ-সহযোগিতাৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছো ৷” বিশ্ব জয় কৰি ঘৰলৈ উভতি আহি ওপজা মাটিত ভৰি থৈয়েই এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অসম গৌৰৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে (Boxer Lovlina Borgohain won the gold medal)৷

বজ্ৰমুঠিৰে শীৰত বিশ্ব জয়ৰ খিতাপ লৈ জন্মভূমিলৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে উভতি আহে বক্সিঙৰ বিশ্ব চেম্পিয়ন অসমী আইৰ সুযোগ্যা কন্যা লাভলীনা বৰগোঁহাই ৷ গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আজি পুৱা উষ্ম আদৰণি জনোৱা হয় বিশ্ব চেম্পিয়ন লাভলীনাক (Gold medalist Boxer Lovlina Borgohain reached in Guwahati)৷

পুষ্প বৃষ্টি আৰু ঢোলে-দগৰে গুণমুগ্ধই বিপুলভাৱে লাভলীনাক আদৰণি জনাই শোভাযাত্ৰা কৰি বিমানবন্দৰৰ পৰা আগবঢ়াই আনে বিশ্ব বক্সিঙৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰা লাভলীনা বৰগোঁহাইক ৷ নতুন দিল্লীত অনুষ্ঠিত IBA ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বীপত (Womens World Boxing Championship 2023) 75 কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয়ৰ পিচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে জন্মভূমি অসমলৈ আহে লাভলীনা ৷

অগনন গুণমুগ্ধৰ বিপুল আদৰণিৰ মাজতে লাভলীনাই বিমান বন্দৰতে বাৰ্তালালাপত মিলিত হয় সাংবাদিকৰ সৈতে । আনকি সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে লাভলীনা বৰগোঁহায়ে ৷ ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বীপ সন্দৰ্ভত বক্সাৰ লাভলীনাই কয়, “69 কেজি শাখাৰ পৰা 75 কেজি শাখাত খেলিবলৈ কিছু প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লগা হৈছিলো ৷ শৰীৰৰো কিছু পৰিৱৰ্তন আহিছিল ৷ প্ৰশিক্ষণো সেইমতেই হৈছিল ৷ প্ৰশিক্ষক, SAI, ফেডাৰেচন সকলৱে যি সহযোগিতা আগবঢ়ালে তাৰ বাবেই মই চেম্পিয়ন হ’ব পাৰিলো’’ ৷

ইয়াৰ উপৰিও প্ৰশিক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ কথাও বিশেষভাৱে উল্লেখ কৰে বিশ্ব চেম্পিয়ন লাভলীনাই ৷

লগতে পঢ়ক : Womens World Boxing Championship 2023 : মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনাৰ অভিলেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.