ETV Bharat / state

Notice to Bhupen Borah: প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী

author img

By

Published : Oct 12, 2022, 9:30 PM IST

গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ নিৰ্মাণ সন্দৰ্ভত সন্দৰ্ভত ভূপেন বৰালৈ পৌৰ নিগমৰ জাননী । তিনিদিনৰ ভিতৰত গৃহ নিৰ্মাণৰ অনুমোদিত প্লেন আৰু এন অ' চি দাখিলৰ নিৰ্দেশ । ভূপেন বৰাৰ বিৰুদ্ধে অকৰ্তৃত্বশীলভাৱে গৃহ নিৰ্মাণৰ অভিযোগ । পৌৰ নিগমত অভিযোগ দাখিল । তৎপৰ পৌৰ নিগম (GMC issues notice to Bhupen Borah)।

GMC issues notice to Bhupen Borah
প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী

গুৱাহাটী, ১২ অক্টোবৰ: শাসকীয় দল বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ভূমিক লৈ বিশেষভাৱে সৰৱ হৈ থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ আহিল গুৱাহাটী পৌৰ নিগমৰ জাননী । গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ নিৰ্মাণ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে ভূপেন বৰালৈ প্ৰেৰণ কৰিলে জাননী (GMC issues notice to Bhupen Borah)।

উল্লেখ্য যে গুৱাহাটীৰ ভেটাপাৰাৰ নিৰিবিলি পথত আছে ভূপেন বৰাৰ এটা বাসগৃহ (Bhupen Borah residence at Ghoramara Guwahati)। সেই ঠিকনালৈ বুধবাৰে আহিল পৌৰ নিগমৰ জাননী । তিনিদিনৰ ভিতৰত গৃহ নিৰ্মাণৰ অনুমোদিত প্লেন আৰু এন অ' চি দাখিলৰ নিৰ্দেশ দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক । উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ এছোচিয়েট প্লেনাৰে(GMC associate planner) বুধবাৰে ভূপেন বৰালৈ প্ৰেৰণ কৰা জাননীখনত ঘোঁৰামাৰাৰ ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্টই অভিযোগ দিয়া বুলি উল্লেখ কৰা হৈছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোঁৰামাৰাৰ নিৰিবিলি পথত নিৰ্মাণ কৰা গৃহটোৰ সন্দৰ্ভত লোকে দুজন লোকে অভিযোগ দাখিল কৰিছে । লোক দুজনে ভূপেন বৰাৰ বিৰুদ্ধে অকৰ্তৃত্বশীলভাৱে গৃহ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে । সেই অভিযোগৰ সন্দৰ্ভত নিগমে নিৰ্মাণ কৰা গৃহটোৰ আপত্তিবিহীন প্ৰমাণপত্ৰ আৰু অনুমোদিত পৰিকল্পনাৰ প্ৰতিলিপি দাখিলৰ নিৰ্দেশ দিছে ভূপেন বৰাক । ইয়াৰ বাবে ভূপেন বৰাক তিনি দিনৰ সময় দিছে পৌৰ নিগমে (Guwahati municipal corporation)।

GMC issues notice to Bhupen Borah
ভূপেন কুমাৰ বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী

গুৱাহাটী পৌৰ নিগমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ দিয়া এই জাননীখনকলৈ সৰ্বত্ৰে ব্যাপক চৰ্চা হৈছে । লক্ষণীয় বিষয় যে ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ অলপতে মুকলি হোৱা নতুন কাৰ্যালয়ৰ ভূমিখিনিক লৈ দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কেতবোৰ অভিযোগ উত্থাপন কৰিছিল (Assam BJP office land controversy)। এই বিষয়টো চৰ্চাত থকা সময়তে ভূপেন বৰালৈ পৌৰ নিগমৰ জাননী অহা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.