গুৱাহাটী,১৪ মাৰ্চঃ বৃহস্পতিবাৰেমালিগাঁৱত GMC আৰু আৰক্ষীয়ে যুটীয়াভাৱে পদ পথত থকা দোকান-পোহাৰবোৰ উচ্ছেদ কৰে । বহু দিনৰে পৰা স্থানীয় ৰাইজে পদ-পথত থকা অবৈধ দোকান সমুহ উচ্ছেদ কৰিবলৈ অভিযোগ দি আহিছিল GMC কৰ্তৃপক্ষক ।
অৱশেষত হঠাৎ তৎপৰ হ'ল গুৱাহাটী পৌৰ নিগম। ইফালে , উচ্ছেদকাৰী দলটোৱে কেৱল মাত্ৰ দুই এখন দোকান উচ্ছেদ কৰি দায়িত্ব সামৰা বুলিও অভিযোগ তুলিছেস্থানীয় ৰাইজে । এই উচ্ছেদ অভিযান প্ৰশাসনৰ এক ভোকোভাৱনা বুলিহে তাচ্ছিল্য কৰাৰ লগতে কেইদিনমান পিছতহে প্ৰকৃত ছবিখন ওলাই পৰিব বুলিও কয় ৰাইজে।