ETV Bharat / state

GMC drive against unathorised meat vendors : মহানগৰীত ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ - GMC evicted unhygienic fish shop

অস্বাস্থ্যকৰ পৰিৱেশত অবৈধভাৱে মাছ-মাংস বিক্ৰী কৰোঁতাৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰ নিগম । শনিবাৰে গুৱাহাটী পৌৰ নিগমে অভিযান চলাই উচ্ছেদ কৰিলে ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান(GMC evicted unathorised fish-meat shop) । অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি ব্যৱসায় চলোৱা লোকৰ পৰা আদায় কৰিলে ২৫,০০০ টকাৰ জৰিমনা ।

GMC evicted unhygienic and unathorised fish and meat shop
মহানগৰীত ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ
author img

By

Published : Dec 18, 2021, 7:51 PM IST

গুৱাহাটী, ১৮ ডিচেম্বৰ: গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই অহা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মহানগৰীত মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে চলিল অভিযান(GMC drive against unathorised meat sellers) । শনিবাৰে গুৱাহাটী পৌৰ নিগমে এই অভিযান চলায় । অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত মাছ আৰু শাক-পাচলি বিক্ৰী কৰা কেইবাখনো দোকানক জৰিমনা বিহা হয় ।

GMC evicted unhygienic and unathorised fish and meat shop
মহানগৰীত ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ

গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলে মহানগৰীৰ বেলতলা বজাৰ, অজন্তা পথ, চাৰ্ভে, জয়ানগৰ চাৰিআলি, বশিষ্ঠ চাৰিআলি, লালমাটি, বেহাৰবাৰী, ভেটাপাৰা, হাতীগাঁও, কাহিলিপাৰা, জটিয়া আৰু ভঙাগড় এলেকাত অস্বাস্থ্যকৰ পৰিৱেশত ব্যৱসায় চলাই অহা মাংস আৰু শাক-পাচলি বিক্ৰেতাৰ বিৰুদ্ধে অভিযান চলায়(GMC evicted unhygienic fish shop) । এই অভিযানত পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ কৰে বুলি গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ পশু চিকিৎসা বিষয়া প্ৰদীপ মেধিয়ে জানিবলৈ দিয়ে (259 fish-meat shops were evicted in Guwahati) । তেওঁ লগতে জনায় যে, গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলে অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ পৰা ২৫,০০০ টকাৰ জৰিমনা আদায় কৰে ।

লগতে ৬০ কিলোগ্ৰাম ছাগলীৰ মাংস, ২০০ কিলোগ্ৰাম হাঁহ-কুকুৰাৰ মাংস, ৭০ কিলোগ্ৰাম গাহৰিৰ মাংস, ৩৫ কিলোগ্ৰাম মাছ আৰু ৫০ কিলোগ্ৰাম শাক-পাচলি পাচলি জব্দ কৰে । পূৰ্বেও বহুবাৰ এনেদৰে অবৈধভাৱে চলাই অহা মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ কৰা হৈছিল যদিও কিছু দিনৰ পাচতে পুনৰ অস্বাস্থ্যকৰ পৰিৱেশতে মাছ-মাংস বিক্ৰী কৰে একাংশই । সেয়ে, কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ।

লগতে পঢ়ক:আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.