গুৱাহাটী, 23 মাৰ্চ : ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ৷ আগন্তুক ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022 date declared) । এইবাৰ এই নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ইভিএম মেচিন । ২১ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা (GMC election 2022 counting date) ।
পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । বুধবাৰে গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰে এই কথা । বুধবাৰে জাৰি কৰা হৈছে নিৰ্বাচনৰ অধিসূচনাও ।
৩০ মাৰ্চ মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে । লগতে ৪ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন । ইফালে ২১ এপ্ৰিলত অনুষ্ঠিত হোৱা ভোটগণনা প্ৰক্ৰিয়া পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব । জানিব পৰা মতে, এই নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ২.৫০ লাখ টকাহে ব্যয় কৰিব পাৰিব।
তথ্য অনুসৰি, ৬০ টা ৱাৰ্ডত মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰ আছে । ইয়াৰে পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১ আৰু মহিলা ৩ লাখ ৯৯ হাজাৰ ৯১১, তৃতীয় লিংগৰ ভোটাৰ আছে ২৭ গৰাকী। নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে । এই নিৰ্বাচনৰ বাবে মুঠ ভোটকেন্দ্ৰ ৭৮৯ টা নিৰ্ধাৰণ কৰা হৈছে ।
লগতে পঢ়ক : শস্য বীমাৰ অধীনলৈ ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষক : কৃষি মন্ত্ৰী