গুৱাহাটী,28 জুলাই: শাসকীয় দল বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাত তথা লবীকেন্দ্ৰিক ৰাজনীতিৰ পৰিণতিত সোমবাৰে অপসাৰিত হ’বলগীয়া হৈছে দলৰ সাংগঠনিক সচিব গীতাৰ্থ গোস্বামী । মূলতঃ দলৰ সভাপতি ৰণজিৎ দাসৰ সৈতে বিগত প্ৰায় ছমাহৰো অধিক কাল অব্যাহত দলৰে এটা লবীৰ হৈ কাম-কাজ চলাই নিয়াৰ অভিযোগত দলটোৱে তাৎক্ষণিকভাৱে গীতাৰ্থ গোস্বামীক সাংগঠনিক সচিব পদৰ পৰা অব্যাহতি দিয়ে ৷ উল্লেখ্য যে,2019 চনৰ জুলাই মাহত দলটোৰ নেতা তথা প্ৰভাৱী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছানুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে সাংগঠনিক সচিবৰ এটা পদ সৃষ্টি কৰি গীতাৰ্থ গোস্বামীক উক্ত পদত নিযুক্তি দিছিল । কিন্তু দলৰ এক সূত্ৰই সদৰী কৰা অনুসৰি,এই পদ লাভৰ পিছৰে পৰা গোস্বামীয়ে উজনি অসমৰ একাংশ জিলাত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নিকটৱৰ্তী ব্যক্তি হিচাপে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি পৰি লাগে । তাকে লৈ স্বাভাৱিকতে দলৰ মজিয়াত চৰ্চা আৰম্ভ হয় ।
![Gitartha Goswami suspended from BJP guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8203322_a.jpg)
এইখিনিতে উল্লেখ কৰাটো ভাল যে,গীতাৰ্থ গোস্বামী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এগৰাকী পুৰণি নেতা যদিও পৰৱৰ্তী সময়ত গোস্বামীয়ে যোগ দিয়ে কংগ্ৰেছত । কিন্তু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ পিছতে ব্যক্তিগৰাকীয়ে যোগ দিয়ে বিজেপিত । মন কৰিবলগীয়া যে,মন্ত্ৰী শৰ্মাৰ ইচ্ছা অনুসৰিয়ে সাংগঠনিক সচিবৰ দায়িত্ব লাভ কৰা গোস্বামীক উজনি অসমৰ 12 খন জিলাৰ সাংগঠনিক কাম-কাজ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । গোস্বামীৰ দায়িত্ব আছিল,উজনি অসমৰ তিনিটাকৈ লোকসভা সমষ্টি ক্ৰমে যোৰহাট,লখিমপুৰ আৰু ডিব্ৰুগড়ৰ ৰাজনীতিৰ দিশ আৰু নিৰ্বাচনী পৰিস্থিতি সন্দৰ্ভত কাম কৰা । সূত্ৰটোৱে আঙুলিয়াই দিয়া মতে,এই সুযোগ লাভৰ পিছতে গোস্বামীয়ে উজনি অসমৰ জিলা সমূহত দলৰ সভাপতিৰ অগোচৰে গ্ৰহণ কৰে কেতবোৰ দলীয় সিদ্ধান্ত ৷ গোস্বামীৰ উদ্যোগত শিৱসাগৰত নিৰ্মাণ হোৱা 'দীনদয়াল ভৱন' নিৰ্মাণৰ সন্দৰ্ভতো অৱগত নাছিল দলীয় সভাপতি ৷ অথচ এই কামত গোস্বামীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উল্লাহ কুলকাৰ্ণীৰ দৰে নেতাকো জড়িত কৰিছিল । আনহাতে,শিৱসাগৰত দলৰ জ্যেষ্ঠ নেত্ৰী সুৰভী ৰাজকুমাৰীৰ লগত অব্যাহত সংঘাতৰ বাবে সভাপতি ৰণজিৎ দাসৰ ৰোষত পৰিছিল গীতাৰ্থ গোস্বামী ।
![Gitartha Goswami suspended from BJP guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8203322_b.jpg)
গীতাৰ্থ গোস্বামীয়ে মঙলবাৰে বিষয় সন্দৰ্ভত ইটিভি ভাৰতক অৱগত কৰা অনুসৰি সোমবাৰে হঠাতে দলৰ সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে গোস্বামীক সাংগঠনিক সচিব পদৰ পৰা অব্যাহতি দিয়াৰ কথা উল্লেখ কৰি এক পত্ৰ প্ৰেৰণ কৰে । কিন্তু এই পত্ৰত অব্যাহতিৰ কোনো স্পষ্ট কাৰণ দৰ্শোৱা হোৱা নাছিল । গোস্বামীয়ে বিষয়টো এতিয়া পুনৰ বিবেচনাৰ পৰ্যায়ত থকাৰ লগতে দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষৰ বিবেচনাত থকা বুলি ব্যক্ত কৰে । ইফালে,এই দলীয় সিদ্ধান্ত সন্দৰ্ভত অজ্ঞাত বুলি মন্তব্য কৰিছে দলৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।
লগতে চাওকঃ বাক্সাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ