গুৱাহাটী, 18 জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ কি দিন, কি ৰাতি কোনো সময়তেই ক'তো যেন সুৰক্ষিত নহয় যুৱতী-মহিলা ৷ ভিন্ন সময়ত চিটি বাছত মহিলা যাত্ৰীসকলে কিছুমান বিকৃত মানসিকতাৰ লোকৰ নিৰ্যাতনৰ বলি হৈ অহাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ চিটি বাছত । ডাউন টাউনলৈ গৈ থকা অৱস্থাতে চিটি বাছত এগৰাকী যুৱতীৰ কাষত বহি এগৰাকী বৃদ্ধ লোকে দিন-দুপৰতে বাছৰ ভিতৰতে চলালে যৌন নিৰ্যাতন ৷ তাৰ পাচতেই যুৱতীগৰাকীয়ে বৃদ্ধগৰাকীৰ ওপৰত সৰৱ হৈ প্ৰতিবাদ কৰি বৃদ্ধগৰাকীৰ নাম সোধাত তেওঁ নিজৰ নাম হবিবুৰ ৰহমান বুলি কয় যদিও তেওঁৰ প্ৰকৃত নাম স্বপ্ন দেৱনাথ ৷
ইপিনে চিটি বাছৰ ভিতৰতে যুৱতীগৰাকীয়ে বৃদ্ধগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ছচিয়েল মিডিয়াযোগে ভাইৰেল কৰে সমগ্ৰ দৃশ্য ৷ পিচে সভ্য সমাজক লজ্জানত কৰা এই ঘটনাৰ পাচতো যুৱতীগৰাকীক সহায়ৰ বাবে আগুৱাই নাহিল এগৰাকীও বাছ যাত্ৰী ।