গুৱাহাটী, 5 মে' : বিয়া এগৰাকী যুৱতীৰ বাবে যেন অলেখ সপোনৰ সমাহাৰ তথা এটা নতুন জীৱনৰ আৰম্ভণি ৷ তেনে কিছুমান সপোন বুকুত বান্ধিয়েই নতুন জীৱন এটা আঁকোৱালি ল'ব খুজিছিল এইগৰাকী যুৱতীয়ে ৷ 8 মে'ত বিয়া ঠিক হৈছিল গুৱাহাটী মঠঘৰীয়াৰ এই যুৱতী গৰাকীৰ ৷ দৰাঘৰ নলবাৰীত ৷ পিচে লক্ ডাউনে যেন আউল লগালে যুৱতীগৰাকীৰ সপোনত ৷ লক্ ডাউনৰ বাবে দুয়োটা পৰিয়ালে আলোচনা কৰি বিয়া পিছুৱাই দিয়ে ৷
বিয়া পিচুৱাই দিয়া বাবে মানসিকভাৱে ভাগি পৰিল যুৱতীগৰাকী ৷ না-সাজেৰে কইনা সজাৰ সপোন দেখা যুৱতীগৰাকীয়ে ল'লে চৰম সিদ্ধান্ত ৷ মঙলবাৰে পুৱা ঘৰৰ মানুহে উদ্ধাৰ কৰে খিৰিকীত ওলমি ৰোৱা অৱস্থাত যুৱতীগৰাকীৰ নিথৰ দেহ ৷ পৰিয়ালৰ লোকে নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ যুৱতীগৰাকীৰ এই কঠোৰ সিদ্ধান্তই পৰিয়ালৰ লোকৰ লগতে মৰ্মাহত কৰিছে অঞ্চলবাসীক ৷
লগতে পঢ়ক : জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !