গুৱাহাটী, 7 মে' : লক্ ডাউনৰ বাবে অশনি সংকেত নামি আহিছে পদপথৰ ব্যৱসায়ী সকললৈ ৷ বিগত দুমাহ ধৰি ব্যৱসায় বন্ধ হৈ থকাৰ বাবে পদপথৰ ব্যৱসায়ী সমূহৰ বৰ্তমান আৰ্থিক অৱস্থা শোচনীয় হোৱা পৰিলক্ষিত হৈছে ৷
পদপথ ব্যৱসায়ী সন্থাৰ উপদেষ্টা শ্ৰীমান্ত শৰ্মাই জনোৱা অনুসৰি, মহানগৰীৰত প্ৰায় 25 হাজাৰ পদপথ ব্যৱসায়ীৰ পৰিয়াল বৰ্তমান সংকটজনক ৷ প্ৰতিদিনেই ব্যৱসায়ী সকলে ব্যৱসায় কৰি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব বহন কৰি আহিছিল ৷ কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ আনকি তেওঁলোকে পুনৰ ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ আৰ্থিক ভাবে সক্ষম নহয় বুলি উল্লেখ কৰে উপদেষ্টা গৰাকীয়ে ৷
ইমানেই নহয়, তেওঁ জনোৱা অনুসৰি পদপথৰ পাচলি ব্যৱসায়ী সকলেও বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখিন হৈছে ৷ আনকি বহু লোকে আৰ্থিকভাবে জুৰুলা হৈ নিজৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰিবলৈ বাধ্য হৈছে বুলি উপদেষ্টা গৰাকীয়ে জানিবলৈ দিয়ে ৷
যাৰবাবে চৰকাৰক পদপথৰ ব্যৱসায়ী সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰতিজন ব্যৱসায়ীক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰক আৰ্থিক অনুদান আগবঢ়াবলৈ অনুৰোধ জনাই উপদেষ্টা শ্ৰীমান্ত শৰ্মাই ৷
লগতে পঢ়ক : অধ্য়াপিকা ৰূপাৰাণী ভূঞা কাণ্ডৰ নতুন মোৰঃ চিৰাঙৰ পৰা গ্ৰেপ্তাৰ এজন