ETV Bharat / state

শ্বাৰ্জীল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঁইক লৈ সৰৱ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল

author img

By

Published : Jan 28, 2020, 12:22 AM IST

Updated : Jan 28, 2020, 12:27 AM IST

শ্বাৰ্জীল ইমামৰ বিতৰ্কিত মন্তব্যক অসমৰ বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে সমৰ্থন জনোৱা বিষয়ক লৈ সৰৱ বিজেপি সংখ্যলঘু মৰ্চা ৷ সংবাদমেলযোগে এই কথাক তীব্ৰ সমালোচনা কৰে সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱালে ৷

শ্বাৰ্জীল ইমামৰ মন্তব্য
শ্বাৰ্জীল ইমামৰ মন্তব্য

গুৱাহাটী, 27 জানুৱাৰীঃ শ্বাৰ্জীল ইমামৰ মন্তব্য আৰু তেওঁৰ মন্তব্যক হীৰেণ গোহাঁয়ে সমৰ্থন কৰা বিষয়ক লৈ, সোমবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বিজেপি সংখ্যালঘু মৰ্চাই ৷ সংবাদমেলত বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱালে শ্বাৰ্জীল ইমামৰ লগতে বুদ্ধিজীবী হীৰেণ গোহাঁয়কো তীব্ৰ সমালোচনা কৰে ৷

হীৰেণ গোহাঁইক লৈ সৰৱ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল

লগতে পঢ়ক ঃ বড়ো শান্তি চুক্তিঃ মুমিনুল আবালৰ প্ৰতিক্ৰিয়া

Intro:শ্বাৰ্জীল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঞিক প্ৰশ্ন বিজেপি সংখ‍্যালঘু মৰ্চাৰ । মহানগৰীৰ হেঙেৰাবাৰীৰ বিজেপৰ মুখ্য কাৰ্যালয় সংবাদমেল ।

'অসম মুছলমানৰ এলেকা ।' জৱাহৰ নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বামপন্থী নেতা শ্বাৰ্জীল ইমামৰ বিস্ফোৰক মন্তব্যৰ পাছতে বিজেপি সংখ‍্যালঘু মৰ্চাই সোমবাৰে বিজেপি ৰাজ‍্যিক কাৰ্যালয়ত এক সংবাদমেল সন্মোধন কৰি ছাত্ৰ জনৰ এই মন্তব্যক তীব্ৰ ভাৱে গৰিহণা দিয়ে।

Body:বিজেপি সংখ‍্যালঘু মৰ্চাৰ নেতা মুমিনুল আবালে কয়, 'হীৰেণ গোহাঁই ডাঙৰীয়াই শ্বাৰ্জীল ইমামৰ সমৰ্থনত যি মন্তব্য কৰিছে সি অতি দুৰ্ভাগ্যজনক। তেওঁ যি কৈছে তেজশ্ৰী ভাৱধাৰা, যৌৱনৰ উন্মাদনা আৰু মুক্ত চিন্তা এই কথা কেইটাৰ পৰা তেখেতে আচলতে কি বুজাব বিচাৰিছে বুলি আবালে প্ৰশ্ন উৎথাপন কৰে।'

Conclusion:উল্লেখ‍্য যে আজিৰ সংবাদমেলতে আবালে শ্বাৰ্জীল ইমামৰ বক্তব্যক তীব‍্য গৰিহণা দিয়ে। লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত মুছলমানসকল অধিক সুৰক্ষিত আৰু শান্তিত থকা বুলি মন্তব্য আগবঢ়াই।
Last Updated : Jan 28, 2020, 12:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.