ETV Bharat / state

Guwahati Comprehensive Mobility Plan: কি পৰ্যায়ত আছে গুৱাহাটীৰ মাষ্টাৰ প্লেন ?

author img

By

Published : Apr 17, 2023, 8:50 PM IST

২০০৯ চনতে প্ৰস্তুত কৰা মাষ্টাৰ প্লেন অৱহেলিত হৈ পৰিছে (Master Plan for Guwahati prepared in 2009)। গুৱাহাটীক সকলো ফালৰ পৰা উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল মাষ্টাৰ প্লেন । চৰকাৰৰ অৱহেলাৰ বাবে যান-জঁটৰ সমস্যাই ভয়ংকৰ ৰূপ লৈছে মহানগৰীত ।

Guwahati Comprehensive Mobility Plan
কি পৰ্যায়ত আছে গুৱাহাটীৰ মাষ্টাৰ প্লেন

গুৱাহাটী,১৭ এপ্ৰিল : গুৱাহাটীক এখন পৰিকল্পিত ৰাজধানী চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ২০০৯ চনতে মাষ্টাৰ প্লেন‌ প্ৰস্তুত কৰা হৈছিল (Master Plan for Guwahati prepared in 2009)। ২০২৫ চনলৈ সময় নিৰ্ধাৰণ কৰি গুৱাহাটী মাষ্টাৰ প্লেন‌ প্ৰস্তুত কৰা হৈছিল । গুৱাহাটীক এখন সকলো ফালৰ পৰা বসোপযোগী উন্নত মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে বহুত পৰিকল্পনা কৰি মাষ্টাৰ প্লেন‌ প্ৰস্তুত কৰা হৈছিল । কিন্তু এইখন কোনো এখন চৰকাৰেও সুদীৰ্ঘ সময় ধৰি কাৰ্যকৰী নকৰিলে ।

Guwahati Comprehensive Mobility Plan
গুৱাহাটীৰ যানজঁট

উল্লেখ্য যে, গুৱাহাটীত যান-জঁটৰ সমস্যাই জটিল সমস্যা হিচাপে গা কৰি উঠিছে । গুৱাহাটীৰ যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে ২০০৯ চনতে প্ৰস্তুত কৰা গুৱাহাটী মাষ্টাৰ প্লেন‌খনত সুন্দৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু চৰকাৰে এইবোৰ অনুসৰণ নকৰিলে । ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰি গুৱাহাটী মহানগৰীত পদপথ, ফুট ব্ৰীজ, উৰণীয়া সেতু আৰু পথ বিভাজক নিৰ্মাণ কৰি আছে যদিও গুৱাহাটী মাষ্টাৰ প্লেন অনুযায়ী যানজঁটৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে গুৱাহাটীৰ যানজঁটৰ সমস্যাই ক্ৰমাৎ এক জটিল সমস্যাৰূপে গা কৰি উঠিছে (Traffic problems in Guwahati) ৷

তীব্ৰ যান-জঁটৰ বাবে গুৱাহাটীত এতিয়া যাতায়াত কৰাটো অতিকৈ কষ্টসাধ্য হৈ পৰিছে ৷ মহানগৰীৰ গুৱাহাটী-শ্বিলং পথ, গোপীনাথ বৰদলৈ-মণিৰাম দেৱান পথ, দীনেশ গোস্বামী পথ, মহাত্মা গান্ধী পথ, ৰাধাগোবিন্দ বৰুৱা পথ, ৰাজেন্দ্ৰ প্ৰসাদ পথ, মাদাৰ টেৰেছা পথ, ৰাজগড় পথ, এ কে আজাদ পথ আৰু এ টি ৰোড আদিত যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ আকৌ গুৱাহাটীৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথতো যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ যান-জঁটৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে মাষ্টাৰ প্লেনৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ১০ বছৰ পূৰ্বে এটা দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আগবাঢ়িছিল ৷ প্ৰাধিকৰণে 'কম্প্ৰিহেনছিভ ম'বিলিটী প্লেন'(Comprehensive Mobility Plan) চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুতকৰণৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহ্বান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল ৷

প্ৰাধিকৰণে 'কম্প্ৰিহেনছিভ ম'বিলিটী প্লেন (Comprehensive Mobility Plan for Guwahati) মতে, গুৱাহাটীৰ স্বাভাৱিক উন্নয়নত সৃষ্টি হোৱা বাধাবিলাক অতিক্ৰম কৰিবলৈ পৰিকল্পনাটোত ২০১৫ চনৰ পৰা ৩০ বছৰ সময়ো স্থিৰ কৰিছিল ৷ আগন্তুক তিনিটা দশকত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উল্লেখনীয় পৰিৱৰ্তন সাধন কৰি মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷

মনকৰিবলীয়া যে, ২০২৫ চনৰ সময় নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা মাষ্টাৰ প্লেন‌খনত গুৱাহাটীত মেট্ৰ' ৰে'লৰ প্ৰৱৰ্তন কৰাত গুৰুত্ব দিছিল (Metro Train planning in Guwahati)। সেইমতে ২০১৩ চনত তদনীন্তন কংগ্ৰেছ চৰকাৰে গুৱাহাটীত মেট্ৰ' ৰে'লৰ প্ৰৱৰ্তন কৰাত গুৰুত্ব দি ডিপিআৰ প্ৰস্তুত কৰিছিল । কিন্তু বিজেপি চৰকাৰে গুৱাহাটীত মেট্ৰ' ৰে'লৰ নিৰ্মাণৰ বিষয়টো তল পেলায় দিয়ে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ ২০১০ চনত জনসংখ্যা আছিল ১২,৪৪,৭১৩ ৷ ইয়াৰ বিপৰীতে ২০১৫ চনত ১৪,৯৮,৯৭০, ২০২০ চনত ১৮,০৫,১৬৩ আৰু ২০২৫ চনলৈ এই সংখ্যা ২১,৭৩,৯০২ লৈ বৃদ্ধি হোৱাৰ তথ্য চৰকাৰী সমীক্ষাত প্ৰকাশ কৰা হৈছে ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে মহানগৰীত চলোৱা এক সমীক্ষা অনুযায়ী মহানগৰীৰ ৰাজপথত চলাচল কৰা ব্যক্তিগত বাহনৰপৰা আৰম্ভ কৰি ৰাজহুৱা বাহনৰ সংখ্যা অনাগত সময়ত অভূতপূৰ্বভাৱে বৃদ্ধি পাব ৷

প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ কৰা মতে, ২০০৪ চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা ১০,৯৪৯ খন দুচকীয়া বাহনৰ সংখ্যা ২০২৫ চনত ৬০,২১৯ খনলৈ বৃদ্ধি হ'ব ৷ ঠিক সেইদৰে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ৩,৯৩৯ খন অটোৰ সংখ্যা ২০২৫ চনত ১৪,৯৫৭ খনলৈ বৃদ্ধি হ'ব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১৫,৪৭৫ খন ব্যক্তিগত সৰু চাৰিচকীয়াৰ সংখ্যা ২০২৫ চনত ৬৬,৯৪২ খনলৈ বৃদ্ধি হ'ব ৷

২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১,৬০৮ খন চিটীবাছৰ সংখ্যা ২০২৫ চনত ২,০১৩ খনলৈ বৃদ্ধি পাব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১১,৯৬৭ খন সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা ২০২৫ চনত ৩৮,৭৬৪ খনলৈ বৃদ্ধি হ'ব ৷

লগতে পঢ়ক :Sarbananda Sonowal: ডিব্ৰুগড়ত সাংবাদিক তথা দলীয় কৰ্মীৰ সৈতে বিহুৰ জলপান খালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.