ETV Bharat / bharat

13 টা বিভাগ নিজৰ লগত ৰাখি দিল্লী শাসনৰ চকা ঘূৰালে আতিশীয়ে - Atishi Marlena Delhi CM

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Delhi new CM: দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশীয়ে নিজৰ কেবিনেটৰ সৈতে সোমবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল আতিশীয়ে ৷ নিজৰ সৈতে 13 টা বিভাগ ৰাখিছে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে ৷

Delhi new CM
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যভাৰ গ্ৰহণ (X handle Atishi)

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই সোমবাৰে দিল্লীৰ সচিবালয়ত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যভাৰ গ্ৰহণ কৰে ৷ দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত কেজৰিৱাল গ্ৰেপ্তাৰ হোৱাৰ পিছত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ৷ আজি সচিবালয়ৰ তৃতীয় মহলাত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয় আতিশী ৷

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যিখন চকীত অৰবিন্দ কেজৰিৱাল বহিছিল, সেইখন চকী ব্যৱহাৰ কৰা নাই আতিশীয়ে ৷ সেই চকীখন খালী ৰাখি তাৰ কাষতেই আন এখন চকীত বহি আতিশীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰি আতিশীয়ে কয় যে ৰাম যেতিয়া বনলৈ গৈছিল তেতিয়া ভৰতে ৰামৰ পাদুকাযোৰ সিংহাসনত ৰাখি অযোধ্যাত শাসন চলাইছিল ৷ তেওঁ সেইদৰেই অহা চাৰিমাহ দিল্লীত চৰকাৰ চলোৱাৰ চেষ্টা কৰিব বুলি আতিশীয়ে লগতে কয় ৷ মুখ্যমন্ত্ৰীৰ আসনৰ কাষতে আন এখন আসনত বহি চৰকাৰ চলাব আতিশীয়ে ৷

‘‘দিল্লীৰ মুখ্যমন্ত্ৰীৰ এই চকীখন অৰবিন্দ কেজৰিৱালৰ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অহা চাৰিমাহ পিছত হ’বলগীয়া নিৰ্বাচনত দিল্লীবাসীয়ে পুনৰবাৰ অৰবিন্দ কেজৰিৱালক এই চকীত বহুৱাব ৷ এই চকীখন এই কোঠাতে থাকিব আৰু অৰবিন্দ কেজৰিৱাললৈ অপেক্ষা কৰিব ৷’’- আতিশী মাৰ্লেনা, মুখ্যমন্ত্ৰী, দিল্লী ৷

মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পিছত শনিবাৰেই আতিশীয়ে নিজৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰিছিল ৷ অৰবিন্দ কেজৰিৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া কোনো বিভাগ নিজৰ লগত ৰখা নাছিল ৷ কিন্তু আতিশীয়ে দিল্লী চৰকাৰৰ প্ৰায়কেইটা মুখ্য বিভাগেই নিজৰ লগত ৰাখিছে ৷ দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ লগত 13 টা বিভাগৰ দায়িত্ব আছে ৷ বিত্ত, শিক্ষা, শক্তি, জলকে ধৰি 13 টা বিভাগ নিজৰ লগত ৰাখি চৰকাৰ চলোৱাৰ দিশে আগবাঢ়িছে আতিশী ৷

ইয়াৰ বিপৰীতে সৌৰভ ভৰদ্বাজক স্বাস্থ্য বিভাগ সহিতে 4 টা দপ্তৰৰ দায়িত্ব দিয়া হৈছে ৷ কেবিনেট মন্ত্ৰী গোপাল ৰায়ক পুনৰ পৰিবেশ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ৷ তেওঁৰ সৈতে পূৰ্বৰ পৰা থকা আটাইকেইটা বিভাগ আছে ৷ কৈলাশ গেহলোটকো পূৰ্বৰ দৰেই পৰিবহণ দপ্তৰ প্ৰদান কৰা হৈছে ৷ ইমৰাণ হুছেইনক খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, মুকেশ অহলাৱতক শ্ৰম আৰু অনুসূচিত জাতি-জনজাতি বিভাগৰ দায়িত্ব দিয়া হৈছে ৷ আতিশীৰ মন্ত্ৰীমণ্ডলত নতুনকৈ অন্তৰ্ভুক্ত মুকেশ অহলাৱতক পূৰ্বৰ মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ সৈতে থকা সকলো বিভাগ দিয়া হৈছে ৷ তেৱোঁ আজি কাৰ্যভাৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: অভিমন্যু নহয়, কেজৰিৱাল অৰ্জুন; বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে : গোপাল ৰায় - ARVIND KEJRIWAL ELECTION STRATEGY

দিল্লীৰ মুখ্যমন্ত্রী হিচাপে আতিশীৰ শপতগ্ৰহণ - Atishi takes oath as delhi cm

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.