ETV Bharat / state

ভেকুলীৰ বিয়াই শেষ ভৰসা - Frog Marriage

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Frog marriage in Assam : ৰাজ্য়ত এফালে প্ৰচণ্ড গৰম, আনফালে খৰাংসদৃশ পৰিস্থিতি । স্তব্ধ হৈছে জনজীৱন । জলবায়ু পৰিৱৰ্তনৰ লগে লগে উদ্বেগজনকভাৱে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত পৰিত্ৰাণ বিচাৰি ৰাইজে আয়োজন কৰিলে পৰম্পৰাগত ভেকুলী বিয়া ।

Frog Marriage in Assam
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য় (ETV Bharat Assam)

বঙাইগাঁও/দৰং, ২৩ ছেপ্টেম্বৰ: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য়বাসীক । কোনো কোনো ঠাইত পাৰাস্তম্ভ ইমানেই বৃদ্ধি পাইছে যে জনসাধাৰণে আকাশলৈ চাই বৰুণ দেৱতাক এজাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হৈছে । এফালে প্ৰচণ্ড গৰম, আনফালে খৰাং । স্তব্ধ হৈ পৰিছে জনজীৱন । জলবায়ু পৰিৱৰ্তনৰ লগে লগে উদ্বেগজনকভাৱে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ । তাতে আকৌ বিদ্য়ুতৰ লুকাভাকু । সেয়েহে ৰাইজে এতিয়া গ্ৰীষ্ম প্ৰৱাহৰ লগতে খৰাংসদৃশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আয়োজন কৰিছে ভেকুলীৰ বিয়া ।

প্ৰবাদ আছে " আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল ।" এই প্ৰবাদ যেন প্ৰতিফলিত হৈছে ৰাজ্য়ৰ জলসিঞ্চন বিভাগৰ ক্ষেত্ৰত । ইপিনে, গভীৰ নিদ্ৰাত কৃষিমন্ত্ৰী অতুল বৰা । ৰাজ্য়ৰ বহুতো গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও সেয়া বগাহাতীত পৰিণত হৈছে । বছৰৰ মূৰতো এটোপাল পানী নোলায় ।

উৎকট গৰম আৰু খৰাঙে ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । হাজাৰ হাজাৰ বিঘাৰ শালি ধানৰ খেতি পুৰি ছাই হ'বলৈ ধৰিছে । পথাৰত চিৰাল ফাঁট মেলিছে। কপালৰ ঘাম মাটিত পেলাই প্ৰতি বিঘাত দহৰ পৰা পোন্ধৰ হাজাৰ টকা ব্য়য় কৰি খেতি কৰা পথাৰখনৰ অৱস্থা দেখি মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে ।

এই অভাৱনীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ যোৱা দেওবাৰে নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰীত ৰাইজে পাতিলে ভেকুলীৰ বিয়া । জনবিশ্বাস অনুসৰি অতি খৰাং বতৰত ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতাই সন্তুষ্ট হৈ বৰষুণ দিয়ে । তাকেই প্ৰমান কৰিব বিচাৰিছে ২ নং বাশবাৰী গাঁৱৰ ৰাইজে ।

  • ছিপাঝাৰ বৰাচুৱা গাঁৱত উদুলি-মুদুলি পৰিৱেশ

দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত গৰমৰ পৰা ৰক্ষা পাবলৈ বৰষুণ বিচাৰি শ শ লোকে পাতিলে ভেকুলীৰ বিয়া । উৎকট গৰমৰ মাজতে এই ব্যতিক্ৰমী বিয়াখন অনুষ্ঠিত কৰে গাঁওখনৰ ৰাইজে । ছিপাঝাৰৰ বড়াচুৱা গাঁওখনৰ কোনোৱে যদি ব্যস্ত হৈছে দৰাৰ লগত, আন কোনো ব্যস্ত হৈছে বিয়ানাম গোৱাত ।

পৰম্পৰাগতভাৱে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে সম্পূৰ্ণ হয় বিবাহ । কন্যাক দিয়া হৈছে আ-অলংকাৰ, ফাৰ্নিচাৰৰ লগতে অন্যান্য সামগ্ৰীও । উল্লেখ্য় যে বিগত বহুদিন ধৰি চহা খেতিয়কসকলে বৰষুণৰ অভাৱত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে । অৱশেষত ৰাইজে লোকবিশ্বাস অনুসৰি ভেকুলী বিবাহ সম্পন্ন কৰি বৰুণ দেৱতাৰ শৰণাপন্ন হৈছে ।

লগতে পঢ়ক:এখন বিশেষ বিবাহথলী : দামিনীক সেন্দুৰ পিন্ধাবলৈ দোলাত আহিল ৰাজ - Frog Marriage

এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.