ETV Bharat / state

কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ’বলৈ নিদিয়াৰ হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ

author img

By

Published : Oct 13, 2020, 9:11 PM IST

" মাদ্ৰাছাক কোনো কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ’ব ৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ইয়াৰ বিৰুদ্ধে জনমত গঢ়ি তোলা হ’ব ৷ শিক্ষা মন্ত্ৰীৰ টোগলকী কাণ্ডই শংকৰ আজানৰ দেশত অশান্তিয়ে বিৰাজ কৰিব ৷" এই মন্তব্য মাদ্ৰাছা শিক্ষক সন্থাৰ ৷

ghy_madrasa_teacher_pc
কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ’বলৈ নিদিয়াৰ হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ

গুৱাহাটী, 13 অক্টোবৰ : " মাদ্ৰাছাক কোনো কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ’ব ৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ইয়াৰ বিৰুদ্ধে জনমত গঢ়ি তোলা হ’ব ৷ শিক্ষা মন্ত্ৰীৰ টোগলকী কাণ্ডই শংকৰ আজানৰ দেশত অশান্তিয়ে বিৰাজ কৰিব ৷" এই মন্তব্য মাদ্ৰাছা শিক্ষক সন্থাৰ ৷ মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হোৱা দেখা গ’ল মাদ্ৰাছা শিক্ষক সন্থাক ৷

মাদ্ৰাছা শিক্ষক সন্থাৰ অভিযোগ-“ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ ভিতৰে বাহিৰে অসমৰ চৰকাৰী খণ্ডৰ চৰকাৰী খণ্ডৰ মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহক নৱেম্বৰ মাহৰ ভিতৰত বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ যি সিদ্ধান্ত আত্মঘাতী, অসংবিধানিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা চৰকাৰৰ কৰ্ম সংস্কৃতি নহয় ৷ সমগ্ৰ ৰাজ্যত মুঠ ১২০৬ খন মাদ্ৰাছা আছে য’ত কেইবা হাজাৰো শিক্ষক নিয়োজিত হৈ আছে ৷ চৰকাৰ খনে ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহক সমাধান কৰাৰ পৰিৱৰ্তে এটা জাতিক আক্ৰমণৰ লক্ষ্য কৰিআহিছে ৷”

তেওঁলোকৰ আহ্বান, চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰক তেওঁলোকে সমৰ্থন কৰিব ৷ যদি তাকে নকৰি সাম্প্ৰদায়িক ৰাজনীতি কৰে তেন্তে অসমবাসীয়ে সমাগত নিৰ্বাচনত জনতাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷

লগতে পঢ়ক : অৱশেষত অক্ষয় চান্দ বৈদৰ গুদাম পৰিদৰ্শন বঙাইগাঁও জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.