ETV Bharat / state

মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত কেটলি আৰু মাটিৰ গিলাচ; স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণি - জনতাৰ চৰকাৰ

ছে ন' টু প্লাষ্টিক, ছে য়েছ টু ভলীবল । প্লাষ্টিক নহয়, ভলীবল গ্ৰহণ কৰাৰ আহ্বান । ভলীবলৰ জৰিয়তে স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণি
author img

By

Published : Oct 1, 2019, 8:48 PM IST

গুৱাহাটী, 1অক্টোবৰঃ মঙলবাৰে মহানগৰীৰ জজ্ খেলপথাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ সংকল্প লোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত প্লাষ্টিক বৰ্জনৰ কার্যসূচী লোৱাৰ লগতে অ’ এন জি চি আৰু জনতাৰ চৰকাৰৰ দ্বাৰা ১১৫ খন গাঁৱক ভলীবল, বেগ আৰু বাঁহৰ ডাষ্টবিন প্ৰদান কৰা হয় । প্লাষ্টিক বৰ্জন কৰাৰ লগতে গ্ৰাম্য অঞ্চলৰ শিশুসকলক ভলীবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গঠন হ’ব অসম ভলীবল মিছন-১০০ । অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয় যে পৰিষ্কাৰকৈ থাকিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব । এখন ৰাম ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, য’ত শান্তি–সম্প্ৰীতি, স্বচ্ছতা সকলোবোৰ থাকে । দেশৰ পৰিৱৰ্তন আনিবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণি

সাধাৰণতে চৰকাৰী কার্যসূচীত দেখা যোৱা প্লাষ্টিকৰ পানীৰ বটলৰ পৰিৱৰ্তে মঙলবাৰৰ অনুষ্ঠানত দেখা পোৱা গ'ল কেটলি আৰু মাটিৰ গিলাচ । লগতে অসমৰ গ্ৰাম্য অঞ্চলসমূহৰ পৰা ভলীবল খেলুৱৈ সকলে সংগ্ৰহ কৰি অনা প্লাষ্টিকৰ মোনা আৰু বটল সংশোধনৰ বাবে প্ৰেৰণ কৰা হয় ।

Intro:ছে নো টু প্লাষ্টিক, ছে য়েছ টু ভলীবল। প্লাষ্টিক নহয়, ভলীবল গ্ৰহণ কৰাৰ আহ্বান। ভলীবলৰ জৰিয়তে স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Body:মঙলবাৰে মহানগৰীৰ জজ্ খেলপথাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ বাবে সংকল্প লোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্লাষ্টিক বৰ্জনৰ কার্যসূচী লোৱাৰ লগতে অ’ এন জি চি আৰু জনতাৰ চৰকাৰৰ দ্বাৰা ১১৫খন গাঁৱক ভলীবল, বেগ আৰু বাঁহৰ ডাষ্টবিন প্ৰদান কৰা হয়।

প্লাষ্টিক বৰ্জন কৰাৰ লগতে গ্ৰাম্য অঞ্চলৰ শিশুসকলক ভলীবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গঠন হ’ব অসম ভলীবল মিছন ১০০।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয় যে পৰিষ্কাৰকৈ থাকিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব। এখন ৰাম ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, য’ত শান্তি–সম্প্ৰীতি, স্বচ্চতা সকলোবোৰ থাকে। দেশৰ পৰিৱৰ্তন আনিবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব।

বাইট : সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম

Conclusion:সাধাৰণতে চৰকাৰী কার্যসূচীত দেখা যোৱা প্লাষ্টিকৰ পানীৰ বটলৰ পৰিবৰ্তে আজিৰ অনুষ্ঠানত দেখা পোৱা গ'ল পানীৰ কেটেলি আৰু মাটিৰ গিলাচ। অসমৰ বিভিন্ন গ্ৰাম্য অঞ্চল সমূহৰ পৰা ভলীবল খেলুৱৈ সকলে সংগ্ৰহ কৰি অনা প্লাষ্টিকৰ মোনা আৰু বটল ৰি চাইকেলৰ বাবেও প্ৰেৰণ কৰা হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.