ETV Bharat / state

"অসম বাজেট 2020" সম্পৰ্কত অধ্যাপক গৌতম মজুমদাৰৰ বিশেষ সাক্ষাৎকাৰ - বাজেট

অসমৰ বাজেট সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক গৌতম মজুমদাৰে ৷ বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অনুকুল নহয় বুলি উল্লেখ কৰে অধ্যাপক গৰাকীয়ে ৷ লগতে অসমৰ ৰাইজক বিজেপি চৰকাৰখনে নিৰাশ কৰা নাই বুলিও মন্তব্য প্ৰকাশ অধ্যাপক গৰাকীৰ ৷

গৌতম মজুমদাৰৰ বিশেষ সাক্ষাৎকাৰ
গৌতম মজুমদাৰৰ বিশেষ সাক্ষাৎকাৰ
author img

By

Published : Mar 1, 2020, 8:09 PM IST

গুৱাহাটী, 1 মাৰ্চঃ ভাৰতৰ সমসাময়িক অৰ্থনীতি আৰু বাজেট সম্পৰ্কত ইটিভি ভাৰতক এক বিশেষ সাক্ষাৎকাৰ প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক গৌতম মজুমদাৰে ৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে ৷

তেওঁ বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অনুকুল নহয় বুলি উল্লেখ কৰে ৷ যোৱা এক,ডেৰ বছৰৰ পৰা ভাৰতৰ জিডিপিৰ হাৰ অতি মন্থৰ হৈছে বুলি তেওঁ কাৰণ দৰ্শাই ৷ যোৱা পাঁচ বছৰত জিডিপি বিকাশৰ গড় হাৰ 7.6% হোৱাৰ বিপৰীতে এই বছৰ জিডিপিৰ হাৰ 5% হ'ব বুলি অনুমান কৰা হৈছে, যাৰ কাৰণ উপভোক্তাৰ চাহিদা যথেষ্ট নিম্নগামী হৈছে ৷ যিয়ে বিনিয়োগ আৰু নিয়োগ দুয়োটাতে ঋণাত্মক প্ৰভাৱ পেলাইছে বুলি তেওঁ প্ৰকাশ কৰে ৷ যাক লৈ বৰ্তমান দেশখনৰ লগতে নীতি নিৰ্ধাৰকসকল আৰু চৰকাৰ যুঁজি আছে, অৰ্থনৈতিক মন্থৰ গতিৰ হাৰ ৰুদ্ধ কৰিবলৈ ৷

বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অনুকুল নহয়ঃ গৌতম মজুমদাৰ

এই ক্ষেত্ৰত তেওঁ কয় যে, দেশত কেনেকৈ নিয়োগ , ভোক্তাৰ ক্ৰয় কৰিব পৰা ক্ষমতা, ভোক্তাৰ বিনিয়োগৰ মাত্ৰা আদি বৃদ্ধি কৰিব পাৰি তাক লৈ সকলোৱে চেষ্টা কৰিব লাগিব ৷ যিয়ে সৰ্বসাধাৰণ লোকৰ জীৱনধাৰণ পৰিস্থিতিক এক অনুকুলতা প্ৰদান কৰিব ৷ যাৰ দ্বাৰা বিকাশৰ গতি বৃদ্ধি হ'ব ৷ ৰাজ্য চৰকাৰৰ বাজেটখন কেন্দ্ৰীয় বাজেটৰ লগত যাতে এক সমন্বয় ৰাখে ৷ যাৰ দ্বাৰা অসমত কেন্দ্ৰীয় আঁচনিসমূহ ৰূপায়ন কৰোতে যাতে কোনো ধৰণৰ বাধা নাহে ৷ তাৰ কাৰণে যিখিনি যাৱতীয় কাৰ্য সম্পাদন কৰিবলগীয়া থাকে সেইখিনি যাতে বাজেটখনত থাকে বুলি তেওঁ মন্তব্য কৰে ৷ লগতে এই বাজেটখনত কৃষিখণ্ডৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে, যিটো বাস্তৱত ৰূপায়ন কৰাটো ৰাজ্য চৰাকাৰৰ দায়িত্ব ৷ অসমৰ কৃষিৰ বজাৰৰ যিটো সমস্যা আছে সেইটো যাতে হ্ৰাস পায়, কৃষিভিত্তিক উদ্যোগৰ অনুকুল অৱস্থাৰ বাবে প্ৰয়োজনীয় কাৰ্যখিনি যাতে কৰিব পৰা যায় আৰু তাৰ লগতে অসমৰ পৰ্যটনৰ বাবে কিছু পদক্ষেপ বাজেটখনত ল'ব লাগে বুলিও উল্লেখ কৰে অধ্যাপক গৰাকীয়ে ৷

কৃষি অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডঃগৌতম মজুমদাৰ

অসমৰ বিজেপি চৰকাৰখনৰ বিষয়ে তেওঁ কয় যে, চাৰি বছৰত কোনো এখন চৰকাৰৰ বৈজ্ঞানিক পৰ্যালোচনা কৰাটো সম্ভৱ নহয় যদিও, ৰাইজক এই চৰকাখনে নিৰাশ কৰা নাই ৷ চৰকাৰে লোৱা আঁচনি সমূহ হ্ৰস্বম্যাদৰ বাবে লোৱা নহয়, সেয়েহে এই আঁচনিসমূহ ৰূপায়ন কৰাত আৰু ফলাফল পোৱাত কিছু সময়ৰ প্ৰয়োজন হয় ৷ সামগ্ৰিকভাৱে চাবলৈ গ'লে কোনো কোনো ক্ষেত্ৰত অসমে ভাল ফলাফল দেখুৱাবলৈয়ো সক্ষম হৈছে ৷

চাৰি বছৰত কোনো এখন চৰকাৰৰ বৈজ্ঞানিক পৰ্যালোচনা কৰাটো সম্ভৱ নহয়ঃ গৌতম মজুমদাৰ

লগতে পঢ়কঃ বাজেট 2020 : কি পালে পূৰ্বোত্তৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.