ETV Bharat / state

ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈ : পুত্র গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

author img

By

Published : Dec 11, 2021, 1:55 PM IST

বুধবাৰে উন্মোচন হ’ল দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (Former Chief Justice of India Ranjan Gogoi)ৰ আত্মজীৱনী 'Justice for the Judge' ৷ এই আত্মজীৱনীত প্ৰকাশ পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগ ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে (Reaction on Gaurav Gogoi on Ranjan Gogoi's Autobiography) ।

Ranjan Gogois autobiography
ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈ : পুত্র গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 11 ডিচেম্বৰ : নতুন দিল্লীত বুধবাৰে উন্মোচন কৰা হয় দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ (Former Chief Justice of India Ranjan Gogoi)ৰ আত্মজীৱনী 'Justice for the Judge' ৷ এই আত্মজীৱনীত বহু চৰ্চিত বিষয়ৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগও সন্নিৱিষ্ট কৰা হৈছে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে (Reaction on Gaurav Gogoi on Ranjan Gogoi's Autobiography) ।

তেওঁ কয় যে, এটা গোচৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ৰঞ্জন গগৈৰ পৰা ব্যক্তিগত সহায় বিচাৰিছিল বুলি গ্ৰন্থখনত উল্লেখ কৰা হৈছে । এইক্ষেত্ৰত তেওঁ দেশৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জন গগৈৰ ৰেকৰ্ডৰ প্ৰসংগ উল্লেখ কৰে ।

ৰঞ্জন গগৈয়ে তৰুণ গগৈ জীয়াই থকাৰ সময়ত একো কথা উল্লেখ নকৰিলে বুলিও গৌৰৱ গগৈয়ে সদৰি কৰে ৷ লগতে তেওঁ কয় যে, যিমান অভিযোগ আনিলেও তৰুণ গগৈৰ প্ৰতি থকা ৰাইজৰ শ্ৰদ্ধা আৰু সন্মান সদায়ে অটুট থাকিব ।

গৌৰৱ গগৈয়ে কয় যে, বহু কষ্ট কৰি তৰুণ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰালে, যদিও বৰ্তমানৰ চৰকাৰখনে স্বীকাৰ কৰি লোৱা নাই এই কথা । এইক্ষেত্ৰত ৰঞ্জন গগৈয়ে একো কথা নকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই আয়কৰ বিশেষজ্ঞ হিচাপে স্বীকৃতি দিছে ।

ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈৰ প্ৰসংগ

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত বিশাল মাটি আৰু বহু কোম্পানী থকাৰ প্ৰসংগ উল্লেখ কৰি কয় যে, তেওঁ কেতিয়াও নিজৰ পৰিয়ালৰ নামত অসমত মাটি ক্ৰয় নকৰে আৰু কোম্পানী নোখোলে । বৃহস্পতিবাৰে তেওঁ এই ব্যক্তিগত সিদ্ধান্ত ৰাজহুৱা কৰে । তদুপৰি তেওঁ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্পষ্টীকৰণ দিয়াৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : Covid 19 detact in a women came from london : লণ্ডনৰ পৰা গুৱাহাটীলৈ অহা মহিলাৰ দেহত ক'ভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.