ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ - চিতাভষ্ম

জন নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভষ্ম ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব ৷ বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ পিতৃক হেৰুৱাই শোকত ভাগি পৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈ ৷

as_ghy_gaurav_gogoi_reaction_vis_as10002
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ
author img

By

Published : Nov 26, 2020, 9:44 PM IST

গুৱাহাটী,26 নৱেম্বৰ: পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ পিতৃক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈ । পিতৃৰ শেষকৃত্য সম্পন্ন কৰি মুখ্যমন্ত্ৰী গৰাকীৰ বহুকেইটা ইচ্ছাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে সাংসদ গৌৰৱ গগৈয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

আৱেগিক হৈ গৌৰৱ গগৈয়ে কয়, "জীৱনত সকলোৰে বেয়া দিন আহে। নিয়তিৰ সেই নিষ্ঠুৰ পৰিহাস কোনেও বাধা দিব নোৱাৰে। মই মোৰ পিতৃক হেৰুওৱাৰ লগতে অসমে এগৰাকী মানৱ দৰদী নেতাক হেৰুৱালে।"

ইফালে মৃত্যুৰ পূৰ্বে সদ্য় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ সমষ্টি তিতাবৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। সংবাদমেল সম্বোধন কৰি ৰাইজৰ আগত মনৰ কথা প্ৰকাশ কৰিব বিচাৰিছিল। সমগ্ৰ ৰাজ্য পৰিভ্ৰমণ কৰাৰ ইচ্ছা পুহি ৰাখিছিল মহীৰূহগৰাকীয়ে ৷ সেই ইচ্ছা পুৰন কৰাৰ মানসেৰে জন নেতা গৰাকীৰ চিতাভষ্ম ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে।

লগতে পঢ়ক: গোৱালপাৰাৰ খেতিপথাৰত আৱদ্ধ তিনিটাকৈ বন্যহস্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.