গুৱাহাটী, 12 চেপ্তেম্বৰ: চেপ্তেম্বৰ মাহৰ শেষভাগৰ পৰা অনলাইন-অফলাইন দুয়োটা মাধ্যমতে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত পৰীক্ষাক লৈ অনিশ্চয়তাত দিন পাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এতিয়াৰে আৰম্ভ কৰিব পাৰে পৰীক্ষাৰ প্ৰস্তুতি ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ এই কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷ ইয়াৰ উপৰিও উপাচাৰ্য গৰাকীয়ে ই টি ভি ভাৰত অসমৰ সাংবাদিকৰ সন্মুখত পৰীক্ষা সম্পৰ্কে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোকপাত কৰে ৷
উল্লেখ্য যে বিশ্বজুৰি কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে অন্য বিভিন্ন ক্ষেত্ৰৰ লগতে শিক্ষাৰ্থী সমাজক যথেষ্ট চিন্তিত কৰি তুলিছে ৷ এই অতিমাৰীৰ প্ৰভাৱত সমগ্ৰ শিক্ষা ব্যৱস্থাটো স্তব্ধ হৈ পৰাত বিশেষকৈ চুড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে একপ্ৰকাৰ দুঃশ্চিন্তাত দিন পাৰ কৰি আহিছে ৷ অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলো দুঃশ্চিন্তাৰ ওৰ পেলাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ সতৰ্কতামূলক ব্যৱস্থাৰে পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ কৰ্তৃপক্ষই শ্ৰেণী কোঠা তথা কাৰ্যালয়সমূহ ছেনিটাইজ কৰি বীজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিছে বুলিও উপাচাৰ্য সন্দিকৈয়ে জানিবলৈ দিয়ে ।
সেই অনুসৰি অহা 15 ছেপ্টেম্বৰৰ পৰা বি.এড শিক্ষাৰ্থীৰ ব্যৱহাৰিক পৰীক্ষা আৰু 22 ছেপ্টেম্বৰৰ পৰা লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ই টি ভি ভাৰত অসমৰ সাংবাদিকক পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পৰ্কে সদৰী কৰি উপাচাৰ্য গৰাকীয়ে কয় যে শিক্ষাৰ্থীয়ে দাবী জনোৱা অনুসৰিয়ে স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনলাইন-অফলাইন দুয়োটা মাধ্যমতে পৰীক্ষা অনুষ্ঠিত হ'ব। অৱশ্যে স্নাতকোত্তৰ পৰীক্ষা সমূহ অনলাইন মাধ্যমতে অনুষ্ঠিত হ'ব বুলিও তেওঁ সদৰী কৰে ৷ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে অনলাইন মাধ্যমৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা উন্নীত কৰি থকা হৈছে ৷
শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ পৰীক্ষাক লৈ কেতবোৰ ভুৱা জাননী বিয়পি পৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষাৰ্থী তথা অভিভাৱকসকলক কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশিত জাননীহে চাবৰ বাবে উপাচাৰ্য গৰাকীয়ে আহ্বান জনাই। পৰীক্ষা সম্পৰ্কীয় সকলো জাননী একমাত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবচাইটতহে প্ৰথমে প্ৰকাশ কৰা হ'ব ৷
লগতে পঢ়ক: মুকাভিনয়েৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস