গুৱাহাটী,30 ছেপ্তেম্বৰঃ বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মচাৰী সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। অখিল ভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ আহ্বান মৰ্মে অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। কেইবাটাও দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহে কৰ্মচাৰীসকল।
মূলতঃ পুৰণি পেঞ্চন নীতি বাহাল, অস্থায়ী কৰ্মচাৰীক স্থায়ী নিযুক্তি প্ৰদান, ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ প্ৰত্যাহাৰ কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই। এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। ইফালে প্ৰতিবাদৰ অন্তত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ ১০ টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদ কৰ্মচাৰীসকলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সন্থাই।
লগতে পঢ়কঃ আহিনৰ বানে বিধস্ত কৰিছে ধেমাজি জিলাৰ বহুকেইখন গাঁও