গুৱাহাটী, 21 ছেপ্টেম্বৰ: ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত সংঘটিত ৫০০ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati high court)। বুধবাৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত সংঘটিত উক্ত বিয়াগোম কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে ২০১০-২০১১ ৰ পৰা ২০১৫-২০১৬ ৰ সময়ছোৱাত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত সংঘটিত হৈছিল এই ৫০০ কোটিৰ বিয়াগোম কেলেংকাৰী (Scam in rural development Assam)। আমগুৰি নৱ-নিৰ্মাণ সমিতিয়ে দাখিল কেংলেকাৰীৰ অভিযোগ ভিত্তিত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল । আমগুৰি নৱ-নিৰ্মাণ সমিতিয়ে দাখিল কৰা অভিযোগ মতে ৰাজ্যৰ দহখন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ইন্দিৰা আৱাস যোজনা, এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক লুণ্ঠন হৈছিল ।
আত্ম-সহায়ক গোটক ধন আৱণ্টনৰ নামতো অহা পুঁজি আত্মসাৎ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল(PNRD scam Assam) । আজি এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ দহখন জিলাত সংঘটিত এই কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিয়ে ।
বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিক সমগ্ৰ কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে । সমগ্ৰ বিষয়টো তদন্ত কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ন্যায়ালয়ে ।
লগতে পঢ়ক: অত্যাধিক গৰমত ফেন, এচি ব্যৱহাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে: APDCL