ETV Bharat / state

Ganja Seized in Jorabat: মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

author img

By

Published : Oct 27, 2022, 9:45 AM IST

Updated : Oct 27, 2022, 1:57 PM IST

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja Seized in Jorabat) ৷ শতাধিক পেকেটত জব্দ প্ৰায় ২,৫০০ কিলোগ্ৰাম গাঞ্জা ৷

Ganja Seized in Guwahati
মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

গুৱাহাটী, ২৭ অক্টোবৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে । মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত বৃহস্পতিবাৰে চলে এই অভিযান ৷ অভিযানকালত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ।

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী HR 38T 2913 নম্বৰৰ ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । ট্ৰাকত আদাৰ মাজত অতি কৌশলেৰে সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি (Ganja Seized in Jorabat) । আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক । শতাধিক পেকেটত জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ২,৫০০ কিলোগ্ৰাম । আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা ।

উল্লেখ যে গুৱাহাটীৰ যোৰাবাট এলেকাত প্ৰায়ে জব্দ কৰা হয় নিচাজাতীয় বিভিন্ন সামগ্ৰী । যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই জনোৱা মতে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰাৰ বাবে মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি । বাহিৰত ভাল কুৱালিটিৰ গাঞ্জাৰ বিশেষ চাহিদা আছে । গাঞ্জাৰ বিৰুদ্ধে চলোৱা এই অভিযানক বৃহৎ অভিযান আখ্যা দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: Drugs seized in Guwahati: মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Last Updated : Oct 27, 2022, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.