গুৱাহাটী, 1 আগষ্ট: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ মাজতে মহানগৰীৰ হোটেলৰ কোঠাত গাঞ্জাৰ চোৰাং বেহা চলাই অহাৰ তথ্য পোহৰলৈ আহিছে (Ganja seized in Guwahati)৷ এক গোপন সূত্ৰৰ পম খেদি গুৱাহাটীৰ পল্টনবজাৰস্থিত হোটেল সুমীয়াৰ ২০৪ আৰু ২০৬ নম্বৰ কোঠাত দেওবাৰে নিশা পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলায় (Raid at Paltanbazar hotel)৷
আৰক্ষীয়ে এই অভিযানত হেটেলখনৰ ২০৪ আৰু ২০৬ নম্বৰ কোঠাৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জা ৷ লগতে 4 যুৱকৰ সৈতে এগৰাকী মহিলাক আটক কৰে হোটেলখনৰ কোঠাৰ পৰা (5 deatined by Paltanbazar police) ।
ধৃত লোক কেইজন ক্ৰমে ত্ৰিপুৰাৰ চাইফুল বাচা, চাহিদা খাতুন, মুনিৰ হুছেইন,আনোৱাৰ হুছেইন, ৰাকেশ দেৱনাথ ৷ আটাইকেইটা সৰবৰাহকাৰী ত্ৰিপুৰাৰ বাসিন্দা । আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰপৰা প্ৰায় 60 কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ৷
ধৃত গাঞ্জাসৰবৰাহকাৰী কেইটাক বৰ্তমান পল্টন বজাৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Illegal Wood Seized: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক দুজন