ETV Bharat / state

Ganja Seized at Guwahati : গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - ganja seized at Guwahati railway station

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (ganja seized at Guwahati railway station) । ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ ১০৩ কিলোগ্ৰাম গাঞ্জা । জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । গাঞ্জাসহ আটক মহিলাসহ ৪ সৰবৰাহকাৰীক ।

Ganja seized
Ganja seized
author img

By

Published : Oct 31, 2022, 9:03 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান (anti drugs drive in Assam) । কিন্তু তাৰ মাজতো কমা নাই নিচাযুক্ত দ্ৰৱ্যৰ চোৰাং সৰবৰাহ । ৰাজ্যৰ বিভিন্ন ঠাইত নিতৌ জব্দ কৰা হৈছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছজাতীয় সামগ্ৰী । লগতে আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰীও । তাৰে মাজতে গুৱাহাটী ৰে'ল ষ্টেচনত সোমবাৰে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা (ganja seized at Guwahati railway station) ।

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই নিষিদ্ধ গাঞ্জাখিনি । এক গোপন সূত্ৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১০৩ কিলগ্ৰাম গাঞ্জা ৷ সৰবৰাহকাৰীয়ে উক্ত গাঞ্জাখিনি ডিমাপুৰৰ পৰা নিউ জলপাইগুৰিলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । আনহাতে, ৰে'ল আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে মহিলাসহ ৪ জনকৈ সৰবৰাহকাৰীক (railway police detained 4 ganja paddlers) ।

ধৃত সৰবৰাহকাৰীকেইজন হৈছে ক্ৰমে কলকাতাৰ পূজা ৰাজভৰ, যমুনা সাহা, সন্দীপ দাস আৰু সুমন দাস । গুৱাহাটী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে, সোমবাৰে পুৱা প্ৰায় ৬.৪৫ বজাত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলোৱা হয় ।

Ganja Seized at Guwahati : গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

উক্ত অভিযানকালত মহিলাসহ চাৰি সৰবৰাহকাৰীৰ লগতে ১০৩ কিলগ্ৰাম গাঞ্জা জব্দ কৰা হয় । সৰবৰাহকাৰীকেইজনে ৬ খনকৈ বেগত ভৰাই আনিছিল গাঞ্জাখিনি । সৰবৰাহকাৰীকেইটাৰ পৰা ৰে'ল আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে, দেওবাৰেও গোপন সূত্ৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰিছিল গাঞ্জা ।

দেওবাৰে ৫১ কিলগ্ৰাম গাঞ্জা জব্দ কৰিছিল যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল ৰে'ল আৰক্ষী । ডিমাপুৰৰ পৰা সৰবৰাহ কৰা উক্ত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক : Car lifters Detained : খটখটি আৰক্ষীৰ জালত বৰপেটাৰ ৫ গাড়ী চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.