গুৱাহাটী,6 জানুৱাৰীঃ গুৱাহাটীৰ গড়চুকত অপৰাধ অনুসন্ধান শাখাৰ বিশেষ অভিযান। এই অভিযানত চাৰি গাঞ্জা সৰবৰাহকাৰীসহ আটক কৰাৰ লগতে জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা । গোপন সূত্ৰৰ পম খেদি AS-25DC-7317 নম্বৰৰ মহিন্দ্ৰা মেক্স ট্ৰাক বাহনত অভিযান চলাইছিল গুৱাহাটীৰ গড়চুকত অপৰাধ অনুসন্ধান শাখাই । সেই বাহনখনতে উদ্ধাৰ হয় প্ৰায় ৫ কেজি ওজনৰ গাঞ্জা।
![Ganja seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5613957_c.jpg)
ধৃত গাঞ্জা সৰবৰাহকাৰী কেইজনৰ নাম তফিজুল হক,খলিল আলী,আজিজ হুছেইন আৰু জেহেৰুল আলী। ইতিমধ্যে চাৰিওজনকে গ্ৰেপ্তাৰ কৰি গড়চুক আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
![Ganja seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5613957_t.jpg)
লগতে পঢ়কঃনগাঁৱত পিষ্টলসহ আটক কুখ্যাত ডকাইত