গুৱাহাটী,22 অক্টোবৰ: বৰ অসমৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰি প্ৰায় 19 মাহৰ অন্তত ৰাইজৰ বাবে মুকলি হ’ল গণেশগুৰি আৰু ৰাধাগোবিন্দ বৰুৱা পথ সংযোগী উৰণীয়া সেঁতু ৷ মুঠ 58.74 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উৰণীয়া সেঁতুখন জন সাধাৰণৰ বাবে বৃহস্পতিবাৰে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে গুৱাহাটী নগৰ উন্নয়নৰ ভালেকেইজন বিষয়ববীয়াই ৷
![Ganeshguri flyover opening in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9269799_ccc.jpg)
ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ 2019-2020 বৰ্ষৰ অধীনত আৰ জি বৰুৱা পথৰ পৰা গণেশগুৰি বিষ্ণু ৰাভা সেঁতুলৈ মুঠ 425.50 মিটাৰ দৈৰ্ঘৰ নৱনিৰ্মিত সেঁতুখন বৃহস্পতিবাৰে মাংগলিক কাৰ্যসূচীৰে উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে পূজাৰ বতৰত এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুৱাহাটীবাসীলৈ উপহাৰ ৷ এই দলংখনে গুৱাহাটীবাসী ৰাইজে দীৰ্ঘদিনে ভূগি অহা যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব ৷ বিজেপি চৰকাৰে সদায় উন্নয়নৰ হকে মাত মাতি আহিছে ৷ কেৱল গণেশগুৰিৰ এই উৰণীয়া সেঁতুৱেই নহয়, সমগ্ৰ ৰাজ্যত আৰু কেইবাখনো উৰণীয়া সেঁতু জনসাধাৰণৰ সুবিধাৰ বাবে মুকলি কৰা হ’ব ৷
![Ganeshguri flyover opening in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9269799_img.jpg)
বৃহস্পতিবাৰৰ অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ছটা মাহৰ অক্লান্ত পৰিশ্ৰমৰ ফলত এই সেঁতু মুকলি কৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে এইবেলি আধ্যাত্মিকতাৰে দেৱী বন্দনা কৰিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷ অনাহকত ৰাইজক ওলাই নাহিবলৈ অনুৰোধ জনাইছে মন্ত্ৰী শৰ্মাই ৷ গৌতম কনষ্ট্ৰাকশ্বনৰ নেৰা-নেপেৰা প্ৰচেষ্টা কাৰ্যতঃ সফল হোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি ৰাজ্যত প্ৰায় 16 খন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম চলি আছে ৷ মহানগৰীত ইতিমধ্যে চলি থকা দুখনকৈ উৰণীয়া সেঁতু ক্ৰমে মালিগাঁও আৰু দিশপুৰ ছুপাৰ মাৰ্কেটৰ কামো নিৰ্ধাৰিত সময়ৰ আগতেই সম্পন্ন হ’ব ৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কামো ইতিমধ্যে 30 শতাংশ সম্পন্ন হৈছে ৷ চানমাৰিৰ পৰা নুনমাটিলৈকে দহ লেন যুক্ত উৰণীয়া সেঁতু নিৰ্মাণৰ আঁচনিয়ো হাতত লোৱা হৈছে ৷ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ মাহৰ ভিতৰত 9 খনকৈ ফুট অভাৰব্ৰীজৰ কাম সম্পন্ন হ’ব ৷ মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভতো মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
![Ganeshguri flyover opening in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9269799_bbb.jpg)
পৰৱৰ্তী সময়ত দুই নৱেম্বৰত একে সময়তে 19 খন চাহ বাগিচাত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব ৷ লোক নিৰ্মাণ বিভাগে শীঘ্ৰে এইসমূহ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম সম্পন্ন কৰিব ৷ সমগ্ৰ ৰাজ্যত 16 খন কেঞ্চাৰ হাস্পতালৰ কাম ইতিমধ্যে হাতত লোৱা হৈছে ৷ এখন নতুন আত্মবিশ্বাসী আৰু আৰু আত্ম নিৰ্ভৰশীল অসম গঢ়াৰ প্ৰথম পদক্ষেপ হিচাপে পৰিগণিত হৈছে গণেশগুৰিৰ উৰণীয়া সেঁতুৰ শুভাৰম্ভ কাৰ্য ৷
![Ganeshguri flyover opening in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9269799_dd.jpg)
আনহাতে, 30 মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰি মাত্ৰ 19 মাহতেই লোক নিৰ্মাণ বিভাগৰ প্ৰচেষ্টাত প্ৰতিশ্ৰুতি অনুসৰি উৰণীয়া সেঁতুখন নিৰ্মাণ কৰিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৰ্তমান গুৱাহাটী মহানগৰীৰ বাসগৃহসমূহৰ ৰঙৰ কম্বিনেচনৰ চিন্তা-চৰ্চা কৰা হৈছে ৷ মহানগৰবাসীয়ে সহযোগিতা কৰিলে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য আৰু বৃদ্ধি পাব ৷ যাৰ দ্বাৰা গুৱাহাটী মহানগৰীক দক্ষিণ-পূৱ এছিয়াৰ আটাইতকৈ সৌন্দৰ্যশালী চহৰ হিচাপে গঢ় দিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
লগতে চাওকঃ মহানগৰীৰ ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান