ETV Bharat / state

Gamocha price hike:ৰঙালী বিহুৰ পূৰ্বেই দাম বৃদ্ধি থলুৱা গামোচাৰ

ৰাজ্যত নিষিদ্ধ হৈছে বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ । কোনো পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি অসমত বিক্ৰী কৰিব নোৱাৰিব । কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই দাম বৃদ্ধি থলুৱা গামোচাৰ (Gamocha price hike in Assam) ।

author img

By

Published : Mar 19, 2023, 10:20 PM IST

Price hike in Gamocha
দাম বৃদ্ধি হৈছে থলুৱা গামোচাৰ
দাম বৃদ্ধি হৈছে থলুৱা গামোচাৰ

গুৱাহাটী, ১৯ মাৰ্চ:পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ৰাজ্যজুৰি চৰকাৰে অভিযান চলোৱাৰ পিছতে হুৰা হুৰে দাম বৃদ্ধি হৈছে থলুৱা গামোচাৰ । পূৰ্বৰ তুলনাত গামোচাৰ ৮০ শতাংশ মূল্য বৃদ্ধি হৈছে (Price hike in Gamocha)। দৈনিক ১০ পৰা ২০ টকাকৈ বৃদ্ধি পাইছে প্ৰতিখন গামোচাৰ মূল্য । ৰঙালী বিহুৰ প্ৰাকমুহুৰ্তত গামোচাৰ দাম বৃদ্ধিয়ে সমস্যাত পেলাইছে ব্যৱসায়ী সকলোক ।

পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলোৱাৰ গইনা লৈ থলুৱা গামোচা উৎপাদন থলীতে দাম বৃদ্ধি কৰিছে একাংশ অসাধু উৎপাদকে । ফাঁচী বজাৰৰ থলুৱা গামোচা বিক্ৰেতা একাংশই উল্লেখ কৰা মতে, যিবোৰ গামোচা পূৰ্বতে ৬০-৭০ টকাত ক্ৰয় কৰিছিল সেই গামোচাখন বৰ্তমান ১০০-১২০ টকা পৰ্যন্ত ক্ৰয় কৰিব লগা হৈছে । কিন্তু গামোচাবোৰ উন্নত মানৰ নহয় । তেওঁলোকে কয় যে যদি গ্ৰাহকক সেই গামোচাখন ১৫০ টকাত বিক্ৰী কৰিবলগীয়া হয় তেতিয়াহ'লে গ্ৰাহকে সেই গামোচাখন ক্ৰয় নকৰে । সেয়েহে ব্যৱসায়ীসকলে গামোচা ক্ৰয় কৰাৰ লগতে বিক্ৰী কৰিবলৈও যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ।

ব্যৱসায়ী সকলে কয় যে আগন্তুক ৰঙালী বিহুৰ সময়ত গামোচাৰ মূল্য বৃদ্ধিয়ে গ্ৰাহক আৰু ব্যৱসায়ী সকলোৰে ওপৰত প্ৰভাৱ পৰিব (Gamocha for Rongali Bihu)। কিয়নো প্ৰতিজন গ্ৰাহকে ১৫০-২০০ টকা মূল্যৰ এখন গামোচা ক্ৰয় কৰিব নোৱাৰে । অধিক মুনাফা লাভৰ আশাত উৎপাদনথলীত উৎপাদকে নিজৰ খেয়াল খুচি মতে দাম বৃদ্ধি কৰাৰ অভিযোগ কৰে ব্যৱসায়ী সকলে । তেওঁলোকে এনেদৰে যদি প্ৰতিদিনে গামোচাৰ দাম বৃদ্ধি হৈ থাকে তেতিয়াহ'লে ৰঙালী বিহুলৈ গামোচাৰ দাম অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰে ।

ব্যৱসায়ী সকলে অভিযোগ কৰা অনুসৰি উৎপাদনথলীবোৰত যিদৰে গামোচাৰ দাম বৃদ্ধি কৰা হৈছে সেই গামোচাবোৰ একেবাৰে নিম্নমানৰ । সেয়েহে তেওঁলোকে থলুৱা গামোচাৰ বজাৰখন নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । উল্লেখ্য যে,থলুৱা গামোচাবোৰ বামিন্দী,দামপুৰ, ৰামদিয়া , বিজুলীঘাট আদি অঞ্চলৰ পৰা বজাৰলৈ আহে ।

লগতে পঢ়ক:Check Bounce issue : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.