ETV Bharat / state

Pranjal Moran missing case: প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

author img

By

Published : Mar 29, 2023, 8:08 PM IST

লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ নিখোঁজ হোৱা প্ৰাঞ্জন মৰাণৰ ঘটনাৰ হ’ব উচিত তদন্ত ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দিছে তদন্তৰ নিৰ্দেশ (Tinsukia Pranjal Moran case) ৷ মঙলবাৰে স্বামী সন্ধানহীন হোৱা ঘটনাৰ তদন্ত বিচাৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল পত্নী উৰ্বশী মৰাণ ৷

Pranjal Moran missing case
প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ হোৱা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জি পি সিঙৰ

গুৱাহাটী, 29 মাৰ্চ: লিডুৰ কয়লাখনিত ৰহস্যজনকভাৱে নিখোঁজ হোৱা প্ৰাঞ্জল মৰাণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ (DGP GP Singh) । এই ঘটনাৰ তদন্তৰ বাবে IG NER ক নিৰ্দেশ দিছে সঞ্চালক প্ৰধানে । ভ্ৰমণৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শীঘ্ৰে ঘটনা সন্দৰ্ভত গুৱাহাটীত প্ৰাঞ্জলৰ পত্নী উৰ্বশীকো সাক্ষাৎ কৰিব (Pranjal Moran missing in Ledo) ।

উল্লেখ্য যে, স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ কৰা প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে মঙলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । আৰক্ষী সঞ্চালক প্ৰধানক লগ নোপোৱাত AIGP (Law & Order) লং নীড টেৰনৰ হাতত স্বামীৰ সন্ধান বিচাৰি এখন আবেদন দিছিল ভুক্তভোগী পত্নীয়ে (Pranjal Moran missing case investigation) ।

ইয়াৰ পাচতে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে উৰ্বশী মৰাণৰ কাষত থিয় দিয়ক বুলি প্ৰাঞ্জল মৰাণ ৰহস্যজনক নিখোজ হোৱা সমগ্ৰ ঘটনা বিৱৰী ফেচবুকত দিয়া প’ষ্টৰ পাচতে তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । উল্লেখ্য যে, চলিত বৰ্ষৰ 6 জানুৱাৰীত লিডুৰ কয়লাখনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা প্ৰাঞ্জল মৰাণৰ বিগত তিনি মাহত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালে ।

তিনিচুকীয়া জিলাৰ 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ কাচমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত শুকানী গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণ লিডুত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ প্ৰায় তিনিমাহ ধৰি নিখোঁজ হৈ আছে । চলিত বৰ্ষৰ 2 ফেব্ৰুৱাৰীত লক্ষীপথাৰৰ নিবাসী হীৰেন গগৈ নামৰ ব্যক্তিজনে উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণ কৰ্মস্থলীতে দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হোৱা বুলি কৈ লগতে তেওঁৰ মৃত শৰীৰটো উদ্ধাৰ কৰিব নোৱাৰিব বুলি পৰিয়ালক অৱগত কৰিছিল (Coal mining worker death in Ledo)।

তাৰোপৰি তেওঁৰ মৃত্যুৰ বাবদ পৰিয়ালটোক 5 লাখ টকা দিবলৈ আহিছিল লোকজনে । কিন্তু পত্নীয়ে সেই ধন নালাগে, মোক মোৰ স্বামী ঘূৰাই লাগে বুলি কৈ তেওঁলোকক উভতাই পঠিয়াইছিল । তাৰ পাচতেই যোৱা 3 ফেব্ৰুৱাৰীত লাংকাচি থানাত স্বামী নিখোজ হোৱা সন্দৰ্ভত গোচৰ দিবলৈ পত্নী যায় যদিও লাংকাচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এজাহাৰখন গ্ৰহণ নকৰি ঘটনাটো সংঘটিত হোৱা লিডু থানাত গোচৰ দিবলৈ কয় ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ কথামতে পত্নীয়ে পিচদিনা অৰ্থাৎ 4 ফেব্ৰুৱাৰীত লিডু থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । কিন্তু লিডু আৰক্ষীয়ে পত্নীৰ এজাহাৰখন 6 ফেব্ৰুৱাৰীতহে পঞ্জীয়ন কৰে । কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে DGP অথবা কোনো মন্ত্ৰী- বিধায়কক লগ ধৰিব কৈছিল সন্ধানহীন প্ৰাঞ্জল মৰাণ পত্নীক । তাৰ পাচতে অসহায় পত্নীয়ে চচলত প্ৰতিবাদ সাব্যস্ত কৰিছিল (Pranjal Moran disappearance) ।

লগতে পঢ়ক: Pranjal Moran missing case: প্ৰাঞ্জল মৰাণৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ পত্নী উৰ্বশী মৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.