গুৱাহাটী, 11 জুন : অভাৱনীয় লোকচানৰ সন্মুখীন হ'ল ৰাজ্যৰ পৰ্যটন বিভাগ। প্ৰথমে 'কা' বিৰোধী আন্দোলন আৰু পিচৰ পৰ্যায়ত ক'ৰণা ভাইৰাছৰ বাবে প্ৰতি বছৰৰ দৰে পৰ্যটকৰ আগমণ দেখা নগ'ল ৰাজ্যত। পৰ্যটকৰ পৰা প্ৰতিবছৰে চৰকাৰে ৰাজহ সংগ্ৰহৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক দিশ সবল কৰি অহাৰ লগতে ৰাজ্যৰ বহু লোকৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল পৰ্যটক সকলে । কিন্তু এইবছৰৰ প্ৰথমে 'কা' বিৰোধী আন্দোলন আৰু তাৰ পিচতে সমগ্ৰ বিশ্বকে ছানি ধৰা ক'ৰণা ভাইৰাছে বাৰুকৈ প্ৰভাৱ পেলালে পৰ্যটন ক্ষেত্ৰত । ক'ৰণা ভাইৰাছৰ বাবে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন খণ্ডত হোৱা অৰ্থনৈতিক লোকচানৰ পৰা সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ লাগিব সময় আৰু তাৰ বাবে প্ৰতিটো খণ্ডত সু-পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ আন বিভাগৰ দৰে পৰ্যটন বিভাগেও বিভিন্ন ব্যৱস্থাৰ জৰিয়তে বৰ্তমানৰ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰজ্জীৱিত হোৱাৰ বাবে চেষ্টা চলাইছে ।
ৰাজ্যিক পৰ্যটন বিভাগৰ সঞ্চালক প্ৰধান দেৱ কুমাৰ মিশ্ৰই জানিবলৈ দিলে বৰ্তমান পৰ্যটন বিভাগৰ স্থিতি সম্পৰ্কে । বৰ্তমান সময়ত পৰ্যটন বিভাগক মৃতপ্ৰায় বুলি ক'ব নুখুজিলেও তেওঁ বৰ্তমান পৰ্যটন বিভাগ স্তিমিত হোৱা বুলি ক'ব খোজে । আনহাতে, এনে এক দুৰ্যোগৰ সময়ত পৰ্যটন বিভাগ মূল বিষয় নহলেও ক'ৰণা ভাইৰাছৰ সংক্ৰমণ শাম কটাৰ পিচতে বিভাগটোক কেনেকৈ আগুৱাই নিয়া হ'ব সেই সম্পৰ্কত পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিছে পৰ্যটন বিভাগে। উল্লেখযোগ্য যে, অসমত বিশেষ কৈ অক্টোবৰৰ পৰা এপ্ৰিল বা মে' মাহলৈকে পৰ্যটকৰ আগমণ বেছি হয় ৷ কিন্তু এনে সময়ত পূৰ্বৰ বৰ্ষসমূহতো পৰ্যটকৰ আগমণ সেৰেঙা হোৱা পৰিলক্ষিত হয়।
লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা