গুৱাহাটী, 24 নৱেম্বৰঃ বৰদিন আৰু নতুন বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে হোটেল ৰেডিচন ব্লু'ত ৷ এই উৎসৱৰ বতৰৰ প্ৰাকক্ষণত প্ৰতিবছৰে হোটেলখনত আয়োজন কৰা হয় ফ্ৰুইট মিক্সিং উৎসৱৰ ৷ সেই অনুসৰি এইবেলিও ব্যতিক্ৰম ধৰণে আয়োজন কৰা হয় এই ফলমূল মিশ্ৰণ উৎসৱ ৷ গ্ৰাহক আৰু বিভিন্ন আমন্ত্ৰিত অতিথিৰ উপস্থিতিত এটা বিশেষ কেক প্ৰস্তুতৰ সংমিশ্ৰণ বনোৱা হয় ৷ সকলোৱে মিলি একেটা স্থানতে ফলমূল মিশ্ৰণ কৰে ৷ নানান প্ৰকাৰৰ পনীয় মিলোৱা এই কেকত কিছমিছ, শুকান চেৰী, কলা জামু, কমলা আৰু আদাৰ টুকুৰাৰ সৈতে শুকান ফল আৰু নাটছৰ মিশ্ৰণ ঘটোৱা হয় ৷ এই সংমিশ্ৰনৰ পূৰ্বে কেইবা কিলোগ্ৰাম উপকৰণ মিহলি কৰা হয় আৰু বতাহ সোমাব নোৱাৰা বন্ধ টেমাত এই মিশ্ৰণ ভৰাই ৰখা হয় ৷ বৰদিনৰ এই বিশেষ কেক প্ৰস্তুত কৰাৰ পূৰ্বে এই মিশ্ৰণ এমাহ এনেদৰে ৰখা হ'ব ৷
উল্লেখ্য যে, এই ফলমূলৰ মাজতে বিশেষ মুদ্ৰা ৰখা হয় ৷ মিশ্ৰণ কৰি থকা অৱস্থাত সেই মুদ্ৰা বিচাৰি উলিয়াব পৰা ব্যক্তিক উপহাৰ প্ৰদান কৰে হোটেল কৰ্তৃপক্ষই ৷ সপ্তদশ শতিকাত কৃষিৰ বতৰৰ সময়ত এনেধৰণৰ ফলমূল মিশ্ৰণ উৎসৱ অনুষ্ঠিত কৰা হৈছিল ৷ শতিকাৰ সেই ধাৰা আজিও অটুট ৰখাৰ উদ্দেশ্যে হোটেল ৰেডিচন ব্লু'য়ে আয়োজন কৰি আহিছে এই উৎসৱৰ ৷